এমেজনত iPhoneৰ অফাৰ! বহু কম দামতে লাভ কৰিব বহু সামগ্ৰী…

এমেজনত iPhoneৰ অফাৰ! বহু কম দামতে লাভ কৰিব বহু সামগ্ৰী…

author-image
asomiyapratidin
New Update
এমেজনত iPhoneৰ অফাৰ! বহু কম দামতে লাভ কৰিব বহু সামগ্ৰী…

ডিজিটেল ডেস্কঃ ইনলাইন সামগ্ৰী ক্ৰয়ৰ মঞ্চ এমেজন ইণ্ডিয়াই ১৩ নবেম্বৰৰ পৰা১৭ নবেম্বৰলৈ এপল ডেজ চেল আগবঢ়াইছে গ্ৰাহকসকলৰ বাবে।  এই অফাৰত ধন ৰেহাইৰ লগতে এপলৰ বহু সামগ্ৰীউপলব্ধ কৰোৱা হৈছে। আইফোন এক্স আৰ (iPhone XR) বৰ্তমানলৈ আটাইতকৈ কম দামত ক্ৰয় কৰিবলৈ পাৰিব গ্ৰাহকে।লগতে এয়াৰপ'ডছ প্ৰ' (AirPods Pro) আৰু মেকবুক এয়াৰ (MacBook Air)ৰ লগতে বহু কেইটা সামগ্ৰীৰ অফাৰপ্ৰদান কৰিছে।

Advertisment

আইফোনএক্স আৰ বৰ্তমান এমেজনত ৪২.৯০০ টকাত বিক্ৰী কৰা হৈছে। আৰু এই ম'বাইলটো যোৱা বছৰ৭৬,৯০০ টকা মূল্যত মুকলি কৰা হৈছিল। এই ফোনটোত আছে এখন এল চি ডি স্ক্ৰীণ আৰুছুপাৰফাষ্ট এ-১২ বায়'নিক চিপছেট। লগতে আছে এটা ১২ মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা আৰুবহু দীৰ্ঘ সময়লৈ চলিব পৰাকৈ বেটাৰী।

এমেজনতগ্ৰাহকে আইফোন ১১ ম'বাইলটোও ক্ৰয় কৰিব পাৰে। যাৰ মূল্য ৬৪,৯০০ টকা। কিন্তু এইমোবাইলটোত কোনো ৰেহাই দিয়া হোৱা নাই। অৱশ্যে এইচ ডি এফ চি ক্ৰেডিট আৰু ডেবিট ই এমআইত ক্ৰয় কৰিলে ৬০০০ টকা ৰেহাই, এইচ ডি এফ চি বেংক ডেবিট কাৰ্ড আৰু ন' ক'ষ্ট ই এমআই বিকল্পৰ সৈতে ৫০০ টকাৰ লাভ পাব গ্ৰাহকে।