ব্যয়বহুল হ’ল গাখীৰঃ এল পি জিৰ পৰা আৰম্ভ কৰি বিমান টাৰ্বাইন ইন্ধনলৈকে বৃদ্ধি পালে মূল্য…

ব্যয়বহুল হ’ল গাখীৰঃ এল পি জিৰ পৰা আৰম্ভ কৰি বিমান টাৰ্বাইন ইন্ধনলৈকে বৃদ্ধি পালে মূল্য…

author-image
asomiyapratidin
New Update
ব্যয়বহুল হ’ল গাখীৰঃ এল পি জিৰ পৰা আৰম্ভ কৰি বিমান টাৰ্বাইন ইন্ধনলৈকে বৃদ্ধি পালে মূল্য…

ডিজিটেল ডেস্কঃ দেশৰ সাধাৰণ নাগৰিকৰ বাবে বেয়া খবৰ। এটাৰ পিছত আন এটা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক জুৰুলা কৰি তোলাৰ সময়তে পুনৰ কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। এতিয়াৰে পৰা গাখীৰ ক্ৰয়ৰ ক্ষত্ৰেতো সাধাৰণ নাগৰিকে পূৰ্বতকৈ অধিক মূল্য ভৰিব লাগিব। কিয়নো আমূলে বৃদ্ধি কৰিলে গাখীৰৰ মূল্য। প্ৰতিষ্ঠানটোৱে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰিছে।

আনহাতে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য আৰু বিমান টাৰ্বাইন ইন্ধনৰো মূল্য বৃদ্ধি হৈছে। ১ মাৰ্চৰ দিনটোতে দেশৰ কেইবাখনো ৰাজ্যত বৃদ্ধি পালেল ১৯ কেজি ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য। ১৯ কেজি ওজনৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০৫ টকাকৈ বৃদ্ধি হৈছে। অৱশ্যে ঘৰুৱা এল পি জিৰ ক্ষেত্ৰত মূল্যবৃদ্ধি হোৱা নাই।

ইফালে বিশ্বব্যাপী ক্ৰোড অইলৰ বৰ্ধিত মূল্যৰ বাবে বিমান টাৰ্বাইন ইন্ধনৰ মূল্য ৩.৩ শতাংশলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তত ক্ৰোড অইলৰ মূল্য যোৱা ৭ বছৰৰ ভিতৰত উচ্চতম সীমা অতিক্ৰম কৰিছে আৰু ভাৰতত এই মূল্যই সৰ্বকালৰ উচ্চতম সীমা অতিক্ৰম কৰিছে। ৰাজ্যিক মালিকানাধীন ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে জাৰি কৰা মূল্য অধিসূচনা অনুসৰি দিল্লীত বিমান টাৰ্বাইন ইন্ধনৰ মূল্য প্ৰতি কিলো লিটাৰত ৩,০১০.৮৭ টকা অৰ্থাৎ ৩.২২ শতাংশ বৃদ্ধি কৰি প্ৰতি কেএলত ৯৩,৫৩০.৬৬ টকা কৰা হৈছিল। উল্লেখ্য যে চলিত বছৰত পঞ্চম বাৰৰ বাবে বৃদ্ধি কৰা হ'ল বিমান টাৰ্বাইন ইন্ধনৰ মূল্য।