৯ আগষ্টৰ পৰা এমাজ’নৰ ফ্ৰীডম ছেল

৯ আগষ্টৰ পৰা এমাজ’নৰ ফ্ৰীডম ছেল

author-image
asomiyapratidin
New Update
৯ আগষ্টৰ পৰা এমাজ’নৰ ফ্ৰীডম ছেল

ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ ই-বানিজ্য সংস্হা এমা'জনে ৯ আগষ্টৰ নিশা ১২ বজাৰ পৰা আৰম্ভ কৰিব এমাজ'ন ফ্ৰীডম ছেল। ১২ আগষ্টৰ নিশা ১২ বজালৈকে থাকিব লগা এমা'জনৰ এই বিক্ৰী প্ৰক্ৰিয়া।

Advertisment

উক্ত সময়চোৱাত গ্ৰাহকে অধিক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰি কিছুমান বিশেষ সামগ্ৰী। বিশেষকৈ ইলেক্ট্ৰনিক, স্মাৰ্ট ফোন আৰু ফেশ্বনৰ লগত জড়িত বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰাহকে পাব সৰ্বাধিক ২০ হাজাৰ টকাকৈ ৰেহাই।

এই সময়ত মোবাইল ফোনৰ ক্ষেত্ৰত ৰেহাই পাব ৪০ শতাংশ। Oneplus 6 , Realme 1 , HoNor 7c , Moto , Vivo , Nokia 6.1 , Oppo f5 , Oppo f7 আৰু LG V30+ এই স্মাৰ্টফোনবোৰৰ ক্ষেত্ৰত সলনি কৰাৰ সুবিধা উপলব্ধ হ'ব। আৰু ইয়াৰ লগতে BLACKBERRY KEY2, HUAWEI NOVA 3i আৰু HONOR PLAY মোবাইল ফোনকেইটা এমাজ'নত লন্স কৰা হ'ব।

কম্পিউটাৰ প্ৰজেক্টৰ দৰে ডিজিটেল কেমেৰা, প্ৰিন্টাৰ আৰু টেলিভিছনৰ ক্ষেত্ৰত ৫০শতাংশ ৰেহাইৰ লগতে লেপটপ আৰু ফিটনেছ সামগ্ৰীৰ ক্ষেত্ৰত ২৫,০০০টকা পৰ্যন্ত ৰেহাই দিয়াৰ দিহা কৰিছে এমাজ'নে ।