৫ মিনিটত ৩০০ কোটি মাৰ্কিন ডলাৰৰ ব্যৱসায়েৰে অভিলেখ আলিবাবাৰ

৫ মিনিটত ৩০০ কোটি মাৰ্কিন ডলাৰৰ ব্যৱসায়েৰে অভিলেখ আলিবাবাৰ

author-image
asomiyapratidin
New Update
৫ মিনিটত ৩০০ কোটি মাৰ্কিন ডলাৰৰ ব্যৱসায়েৰে অভিলেখ আলিবাবাৰ

ডিজিটেল ডেস্কঃ ভাল ব্যৱসায়ৰ কথা আপুনি শুনিছে? ভাল ব্যৱসায় মানেই সকলোৱে পূজা, উৎসৱ আদিৰ সময়ত হোৱা ব্যৱসায়কে বুজে। তেনে সময়ত সাধাৰণ দিনতকৈ বিক্ৰীৰ পৰিমাণ বেছি হয়। কিন্তু ৫ মিনিটৰ ভিতৰত ৩০০ কোটি মাৰ্কিন ডলাৰ বিক্ৰী হোৱাৰ কথা যদি আপোনাক কোৱা হয়, আপোনাৰ চকু কপালত নুঠিবনে?

Advertisment

আচৰিত যেন লাগিলেও এয়া সত্য যে দেওবাৰে চীনৰ অনলাইন ব্যৱসায় সংস্থা 'আলিবাবা'ই ৫ মিনিটৰ ভিতৰত ৩০০ কোটি মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী বিক্ৰী কৰি অভিলেখ গঢ়িছে। সংস্থাটোৱে দাবী কৰা মতে, ইয়াৰ পূৰ্বে বিশ্বৰ কোনো ব্যৱসায়ী সংস্থাই কম সময়ৰ ভিতৰত ইমান বিক্ৰীৰ অভিলেখ গঢ়িব পৰা নাই।

সংস্থাটোৱে এপল, জিঅ'মি আদি আদি বহুল প্ৰচলিত ব্ৰেণ্ডেড সামগ্ৰী বিক্ৰী কৰি এই বৃহৎ পৰিমাণৰ ব্যৱসায়ৰ অভিলেখ গঢ়ে। আনহাতে সংস্থাটোৱে দাবী কৰা মতে, বিগত ২৪ ঘন্টাৰ ভিতৰত তেওঁলোকে ২৫শ কোটি মাৰ্কিন ডলাৰৰ অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। সংস্থাৰ তৰফৰ পৰা জনোৱা মতে, ফ্ৰাংকফুট, টকিঅ' আদি চহৰৰ পৰা সংস্থাটোৱে ক্ৰয়ৰ বাবে বহু অফাৰ লাভ কৰিছে।

সম্প্ৰতি চীনৰ ওপৰত মাৰ্কিন নিষেধাজ্ঞাক লৈ আলিবাবাৰ ব্যৱসায় বহু পৰিমাণে হ্ৰাস পাইছে যদিও শেহতীয়াকৈ এই এটা দিনৰ সফল ব্যৱসায়ে অনলাইন ব্যৱসায় সংস্থাটোক নতুন শক্তি প্ৰদান কৰিছে বুলি সংস্থাটোৰ এগৰাকী বিষয়াই মন্তব্য কৰিছে।