আপুনি এয়াৰটেলৰ গ্ৰাহক নেকি? তেন্তে পঢ়ক এই খবৰ…

আপুনি এয়াৰটেলৰ গ্ৰাহক নেকি? তেন্তে পঢ়ক এই খবৰ…

author-image
asomiyapratidin
New Update
আপুনি এয়াৰটেলৰ গ্ৰাহক নেকি? তেন্তে পঢ়ক এই খবৰ…

ডিজিটেল ডেস্কঃ দেশৰ টেলিকম চেক্টৰত জিঅ'ৰ আৱিৰ্ভাৱৰ পাছতে আন টেলকম প্ৰতিষ্ঠান অৱস্থা হৈ পৰিল অতি হুচনীয়। কিন্তু ইয়াৰ মাজতে বহু সময়ত এয়াৰটেলে গ্ৰাহক সকলক প্ৰদান কৰি আহিছে বিভিন্ন আকৰ্ষণীয় সুবিধা। গ্ৰাহক সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰটেলে শেহতীয়াকৈ মুকলি কৰিছে দুটা বিশেষ ৰিছাৰ্জ পেকেজ। এই পেকেজ দুটাৰ মূল্য হৈছে ৪৮ আৰু ৯৮ টকা।

৪৮ টকীয়া পেকেজটোত আছে ২৮ দিনৰ ৩জি/৪জি ইন্টাৰনেট সেৱা। এই পেকেজটোত নাথাকিব ভইচ কলিঙৰ সুবিধা। আনহাতে ৯৮ টকা পেকেজটোতো থাকিব ২৮ দিনৰ বৈধতাৰ ইণ্টাৰনেট সেৱা। ইয়াৰ উপৰিও প্ৰতিদিনে পাব ১০ টা নেচনেল মেছেজৰ সুবিধা।

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি, এই বিশেষ পেকেজ দুটা সেই সকল গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে যি সকলে মাহেকীয়া প্লেনেৰে ইন্টাৰনেট পেকৰ সন্ধানত আছে।