/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/tomatoes_c_Kanawa_Studio-iStock-GettyImages-1163317374-LEDE.jpg)
ডিজিটেল ডেস্কঃ পিয়াজৰ পাচতে এইবাৰ বিলাহীয়ে কন্দুৱাইছে দিল্লীবাসীক। প্ৰৱল বৃষ্টিপাতৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা বিলাহীৰ আমদানি কৰিব নোৱাৰাৰ বাবে বিলাহীৰ মূল্য ৰাজধানী চহৰখনত আকাশলংঘী হৈছেগৈ। বুধবাৰে প্ৰতি কেজি বিলাহীৰ মূল্য হৈছেগৈ ৮০ টকা।
ইফালে পিয়াজৰ মূল্য বিগত সপ্তাহতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে দিল্লীত। বৰ্তমান প্ৰতি কেজি পিয়াজৰ মূল্য হৈছে ৬০ টকা। দিল্লীত প্ৰতিকেজি বিলাহীৰ দাম ৮০ টকাৰ পৰিৱৰ্তে কলকাতাত ৬০ টকা, মুম্বাইত ৫৪ টকা আৰু চেন্নাইত প্ৰতি কেজি বিলাহীৰ মূল্য হৈছে ৪০ টকা।