Advertisment

এডভাণ্টেজ আছাম ২.০ঃ আলোচনা চক্ৰৰ উপৰিও দেশ, বিদেশত হ'ব ৰোড শ্ব'

২৪ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

author-image
Asomiya Pratidin
New Update
এডভাণ্টেজ আছাম ২.০

ডিজিটেল ডেস্কঃ ২৪ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব এডভাণ্টেজ আছাম ২.০। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত হবলগীয়া এই সন্মিলনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই সন্মিলনত উপস্থিত থাকিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মতি প্ৰকাশ কৰিছে। সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰাজ্য চৰাকৰে তেওঁক ইয়াৰ বাবে আমন্ত্ৰণ জনাইছে।

ড০ শৰ্মাই আৰু কয় ইয়াৰ পূৰ্বেও অসম চৰকাৰে এডভাণ্টেজ আছাম আয়োজন কৰিছিল আৰু বহু বিনিয়োগকাৰীয়ে ৰাজ্যখনত বিনিয়োগ কৰিছিল । যোৱা ৪ বছৰত ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিৱেশ, সন্ত্ৰাসমুক্ত পৰিস্থিতি আৰু আন্দোলনমুক্ত পৰিৱেশৰ বাবে বহু বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ দেখুৱাইছে।"

ইফালে এই সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে এক মেগা ঝুমুৰ নৃত্যও পৰিবেশন কৰা হব। এই ঝুমুৰ নৃত্যত ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলৰ প্ৰায় ৭৫০০ নৃত্যশিল্পী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিব।

এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ সময়ত অসম চৰকাৰে আন্তঃগাঁথনি খণ্ডৰ ওপৰত বহু কেইখন আলোচনাচক্ৰ আয়োজন কৰিব। এই আলোচনাসমূহত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া আদিকো আমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তাৰোপৰি অসমৰ তিনিটা দলে ছিংগাপুৰ, জাপান, আমেৰিকা, ব্ৰিটেইন আৰু ডুবাইকে ধৰি কেইবাখনো বিদেশ ভ্ৰমণ কৰি ৰোড শ্ব'ৰ জৰিয়তে এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰচাৰ চলাব বুলিও জানিবলৈ দিছে। তাৰোপৰি দেশৰ মুম্বাই, দিল্লী, কলকাতা, বেংগালুৰুকে ধৰি দেশৰ মুঠ ৬ খন মহানগৰতো অনুৰূপ ধৰণে ৰোড শ্ব' অনুষ্ঠিত কৰিব।

Advertisment

 

 

ড০ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোডী