/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/05391dac-10b2-4ec9-97b3-15c62dbfac6c.jpg)
ডিজিটেল ডেস্কঃ অভিনন্দন নৰেন্দ্ৰ মোডী! আন কৰিব পাৰক বা নোৱাৰক, যোৱা চাৰি বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণ আৰু বিজ্ঞাপন প্ৰকাশেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০১৮ৰ ডিচেম্বৰলৈকে মোডী চৰকাৰে চৰকাৰী আঁচনি প্ৰচাৰৰ নামত বিজ্ঞাপনত ব্যয় কৰা ধনৰ পৰিমান শুনিলে চকু কপালত উঠিব। চাৰিটা বছৰতেই অৰ্থাৎ ২০১৪ৰ পৰা ২০১৮লৈকে বিজ্ঞাপনৰ নামত এইখন চৰকাৰে ব্যয় কৰিলে ৫,২৪৫.৭৩ কোটি টকা। লোকসভাত এই তথ্য প্ৰকাশ কৰিলে মন্ত্ৰী ৰাজৱৰ্ধন সিঙে। এই সময়চোৱাত ব্যয় কৰা ধনৰ কোটিৰ হিচাপ এনে ধৰণৰ-
২০১৪-১৫ বৰ্ষতঃ
ছপা মাধ্যমত বিজ্ঞাপনত ব্যয়- ৪৪০.৮৪ কোটি টকা।
ইলেক্ট্ৰনিক মাধ্যমত (দৃশ্য-শ্ৰাব্য)- ৪৭৩.৬৭ কোটি টকা।
আউট ড'ৰ পাব্লিচিটী- ৮১.২৭ কোটি টকা।
মুঠ বিজ্ঞাপনত ব্যয়- ৯৭৯.৭৮ কোটি টকা।
২০১৫-১৬ বৰ্ষতঃ
ছপা মাধ্যমত বিজ্ঞাপনত ব্যয়- ৫০৮.২২ কোটি টকা।
ইলেক্ট্ৰনিক মাধ্যমত (দৃশ্য-শ্ৰাব্য)- ৫৩১.৬০ কোটি টকা।
আউট ড'ৰ পাব্লিচিটী- ১২০.৩৪ কোটি টকা।
মুঠ বিজ্ঞাপনত ব্যয়- ১১৬০.১৬ কোটি টকা।
২০১৬-১৭ বৰ্ষতঃ
ছপা মাধ্যমত বিজ্ঞাপনত ব্যয়- ৪৬৮.৫৩ কোটি টকা।
ইলেক্ট্ৰনিক মাধ্যমত (দৃশ্য-শ্ৰাব্য)- ৬০৯.১৪ কোটি টকা।
আউট ড'ৰ পাব্লিচিটী- ১৮৬.৫৯ কোটি টকা।
মুঠ বিজ্ঞাপনত ব্যয়- ১২৬৪.২৬ কোটি টকা।
২০১৭-১৮ বৰ্ষতঃ
ছপা মাধ্যমত বিজ্ঞাপনত ব্যয়- ৬৩৬.০৯ কোটি টকা।
ইলেক্ট্ৰনিক মাধ্যমত (দৃশ্য-শ্ৰাব্য)- ৪৬৮.৯৩ কোটি টকা।
আউট ড'ৰ পাব্লিচিটী- ২০৮.৫৫ কোটি টকা।
মুঠ বিজ্ঞাপনত ব্যয়- ১৩১৩.৫৭ কোটি টকা।
২০১৮-১৯ বৰ্ষত (৭ ডিচেম্বৰ, ২০১৮ লৈকে)ঃ
ছপা মাধ্যমত বিজ্ঞাপনত ব্যয়- ২৪৪.৩২ কোটি টকা।
ইলেক্ট্ৰনিক মাধ্যমত (দৃশ্য-শ্ৰাব্য)- ২২৯.২৫ কোটি টকা।
আউট ড'ৰ পাব্লিচিটী- ৫৪.০০ কোটি টকা।
মুঠ বিজ্ঞাপনত ব্যয়- ৫২৭.৯৬ কোটি টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/498a1075-9c4b-42eb-b5c2-6946dad5b602.jpg)
মোডী চৰকাৰে এতিয়ালৈকে সৰ্বাধিক বিজ্ঞাপনৰ নামত ২০১৭-১৮ বৰ্ষত ১৩১৩.৫৭ কোটি টকা ব্যয় কৰিছে।