EPFOত পঞ্জীভুক্ত কৰ্মচাৰীৰ সংখ্যা ১৮.৫৩ লাখলৈ বৃদ্ধি

আগষ্টত পঞ্জীভুক্ত হ'ল ৯.৩ লাখ নতুন কৰ্মচাৰী

author-image
Asomiya Pratidin
New Update
EPFOত পঞ্জীভুক্ত কৰ্মচাৰীৰ সংখ্যা ১৮.৫৩ লাখলৈ বৃদ্ধি

ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ আগষ্ট মাহত কৰ্মচাৰী ভৱিষ্য নিধি (EPFO)ত পঞ্জীয়নভুক্ত মুঠ সদস্যৰ সংখ্যা ১৮.৫৩ লাখলৈ বৃদ্ধি পালে। দেওবাৰে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে EPFO কৰ্তৃপক্ষই। সংস্থাটোৱে জানিবলৈ দিয়া মতে আগষ্ট মাহত ৯.৩ লাখ নতুন সদস্য পঞ্জীভুক্ত কৰা হৈছে।

Advertisment

২০২৩ বৰ্ষৰ আগষ্ট মাহৰ তুলনাত EPFOত বৃ্দ্ধি হোৱা সদস্যৰ হাৰ ৯.০৭ শতাংশ। উল্লেখ্য যে EPFOত নতুন সদস্যৰ সংখ্যা বৃদ্ধি হোৱাটোৱে দেশত নিয়োগৰ সুবিধা বৃদ্ধি হোৱাটোকে সূচাইছে। ইয়াৰ লগতে কৰ্মচাৰীৰ বাবে কৰ্মক্ষেত্ৰত সুবিধা বৃদ্ধি সম্পৰ্কীয় সজাগতা বৃদ্ধি হোৱাৰ ইংগিত দিছে এই পৰিসংখ্যাই।

উল্লেখ্য যে ২০২৪ বৰ্ষৰ আগষ্ট মাহত EPFOত ৯.৩০ লাখ নতুন সদস্য অন্তৰ্ভুক্ত হয়। এই ক্ষেত্ৰত বছৰেকীয়া বৃদ্ধিৰ হাৰ ০.৪৮ শতাংশ। লক্ষণীয়ভাৱে আগষ্ট মাহত চৰকাৰীভাৱে পঞ্জীভুক্ত হোৱা কৰ্মচাৰীসকলৰ অধিকাংশই ১৮-২৫ বছৰ বয়সসীমাৰ ভিতৰৰ। ২০২৪ বৰ্ষৰ আগষ্ট মাহত EPFOত পঞ্জীভুক্ত হোৱা মুঠ সদস্যৰ ৫৯.২৬ শতাংশই এই বয়সসীমাৰ ভিতৰৰ। যি সূচায় যে সংগঠিত কৰ্মচাৰী হিচাপে যোগদান কৰা বেছিভাগ ব্যক্তি যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু তেওঁলোক প্ৰথমবাৰৰ বাবে চাকৰিত যোগদান কৰা লোক।

তদুপৰি, আগষ্ট ২০২৪ৰ বাবে ১৮-২৫ বছৰ বয়সৰ কৰ্মচাৰীৰ মুঠ বেতনৰ তথ্য ৮.০৬ লাখ হোৱা বুলি EPFO কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। লগতে কোৱা হৈছে যে আগষ্ট মাহত পঞ্জীভুক্ত হোৱা নতুন মহিলা কৰ্মচাৰীৰ সংখ্যা ২.৫৩ লাখ আৰু ২০২৩ ৰ আগষ্ট মাহৰ তুলনাত এই পৰিসংখ্যা ৩.৭৫ শতাংশ বৃদ্ধি পাইছে।

Also Read: ডাঙৰ সিদ্ধান্তঃ অৱসৰী কৰ্মচাৰীক পুনৰ চাকৰিত ৰাখিব ৰে'লৱে বিভাগে...

jobs in india EPFO unemployment