ভাল খবৰঃ জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা!…

ভাল খবৰঃ জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা!…

author-image
asomiyapratidin
New Update
ভাল খবৰঃ জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা!…

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিব, দৰমহা বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ। All India Consumer Price Index প্ৰকাশ কৰাৰ পাছত মোডী চৰকাৰে কৰ্মচাৰী সকলৰ ডি এ(DA) বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Advertisment

উল্লেখ্য যে, কৰ্মচাৰীসকলৰ এই ডি এ(DA) বৃদ্ধি হব সপ্তম দৰমহা আয়োগৰ আধাৰত। বৰ্তমান কৰ্মচাৰী সকলে লাভ কৰে ১৭শতাংশ ডি এ(DA)। যদিহে আৰু ৪শতাংশ বৃদ্ধি হয়, তেতিয়া কৰ্মচাৰীসকলে লাভ কৰিব ২১শতাংশ ডি এ।

উল্লেখ্য যে, কোৰোনা কেন্দ্ৰিক পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ পাছত চৰকাৰে এই ঘোষণা অচিৰেই কৰাৰ সম্ভাৱনা আছে। চৰকাৰে সাধাৰণতে ডি এ(DA)ৰ ক্ষেত্ৰত ঘোষণা কৰে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত।