লকডাউনত উপাৰ্জনহীন হৈ পৰা দৰিদ্ৰ লোকৰ সাহায্যত চৰকাৰৰ ব্যয় হ’ব ৬৫,০০০ কোটি টকা…

লকডাউনত উপাৰ্জনহীন হৈ পৰা দৰিদ্ৰ লোকৰ সাহায্যত চৰকাৰৰ ব্যয় হ’ব ৬৫,০০০ কোটি টকা…

author-image
asomiyapratidin
New Update
লকডাউনত উপাৰ্জনহীন হৈ পৰা দৰিদ্ৰ লোকৰ সাহায্যত চৰকাৰৰ ব্যয় হ’ব ৬৫,০০০ কোটি টকা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ লকডাউনে জুৰোলা কৰিলে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবাসীক। লকডাউন ঘোষণা হোৱাৰ দিনাৰে পৰা নানা অসুবিধাত পৰিছে বিভিন্ন লোক। পৰিস্থিতি এনে পাইছেগৈ যে কোনো কোনো লোকে এসাঁজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। লকডাউনৰ ফলত সৃষ্টি হোৱা এনে পৰিৱেশৰ পৰা দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ বাবে খৰচ হ'ব ৬৫,০০০ কোটি টকা। বিশিষ্ট অৰ্থনীতিবিদ তথা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘূৰাম ৰাজনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে হোৱা এক ভিডিঅ' কনফাৰেন্সিঙত এই কথা সদৰি কৰিছে।

Advertisment

লকডাউনে কেনেদৰে দেশৰ অৰ্থনীতিক ক্ষতি কৰিছে সেই সম্পৰ্কে ক'বলৈ গৈ এই মন্তব্য কৰিছে প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীয়ে। তেখেতে লগতে লকডাউনে আমাৰ অৰ্থনীতিক অধিক ক্ষতি কৰিব বুলি মন্তব্য কৰিছে। এই সময়চোৱাত ৰাহুল গান্ধীয়ে কেবাটাও প্ৰশ্ন কৰিছিল। তাৰে এটা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, আমি ৬৫,০০০ কোটি টকা খৰচ কৰিব লাগিব। অৱশ্যে ইয়াক অধিক বুলি ক'ব নোৱাৰি। কেৱল দৰিদ্ৰ লোকসকলক সকাহ দিবলৈয়ে এইয়া প্ৰয়োজন হ'ব।

তেখেতে লগতে কয়, আমি লকডাউন শেষ কৰাৰ সময়ত বুদ্ধিমত্তাৰে কাম কৰিব লাগিব। কাৰণ আমাৰ লোকসকলক দীৰ্ঘদিন খাদ্য যোগান ধৰিব পৰা যোগ্যতা নাই। ৰঘূৰাম ৰাজন বৰ্তমান চিকাগু বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত। তেওঁক কংগ্ৰেছ চৰকাৰৰ দিনত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে ২০১৩ চনৰ পৰা ৩ বছৰৰ বাবে নিযুক্তি দিয়া হৈছিল।