৬ ফেব্ৰুৱাৰীত অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠান…

৬ ফেব্ৰুৱাৰীত অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠান…

author-image
asomiyapratidin
New Update
৬ ফেব্ৰুৱাৰীত অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠান…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চাহজনগোষ্ঠীৰ লোকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উদ্বোধন কৰিবলগা এই অনুষ্ঠানত অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা শুকুৰবাৰে আনুষ্ঠানিক ভাৱে গুৱাহাটীলৈ ৰাওনা হ'ব।

Advertisment

চাহ বাগিছা অঞ্চলত বেংক ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু চাহ বাগিছাৰ কৰ্মচাৰী সকলক বেংক ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ অংশ হিচাপে চাহ বাগিছাৰ কৰ্মীসকল বিভিন্ন ধৰণে লাভাম্বিত হ'ব বুলি আশা কৰা কৰিছে সচেতন মহলে।

উল্লেখ্য অসম চৰকাৰৰ বিত্ত বিভাগৰ এই আঁচনিৰ অধীনত হিতাধীকাৰীসকলৰ বেংক একাউন্টত ৩০০০ কৈ টকা চৰকাৰৰ পৰা জমা কৰা হ'ব। তৃতীয় পৰ্যায়ত যোৰহাটৰ ৬০,৩৮২ জন লোকে এই সুবিধা লাভ কৰিব। যোৰহাটৰ ৮৫ খন বাগানৰ ১০২৮ জন চৰ্দাৰ আৰু শ্ৰমিকে লাভ কৰিব এই ধন।