/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/SARIYAH-KHETI.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বৰ্তমান সময়ত শিক্ষালাভৰ উদ্দেশ্যই যেন চাকৰিমুখী হৈ পৰিছে। শিক্ষা সাং নৌহওতেই চাকৰিৰ পিছত দৌৰাটো এক প্ৰথাত পৰিণত হৈছে। এনে মানসিকতাৰে গঢ় লৈ উঠা তথা চাকৰি প্ৰৱণতাই খেতি-বাতিত মাধমাৰ সোধাইছে। নাঙলৰ মুঠিত ধৰি পথাৰ সেউজীয়া কৰাৰ হেপাঁহ ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে। খেতিৰ উৎপাদন দিনে দিনে কমি আহিবলৈ ধৰিছে। এনে এক জটিল সন্ধিক্ষণতে কিন্তু কোকৰাঝাৰৰ পাঁচজন উচ্চশিক্ষিত যুৱকে চৰকাৰী চাকৰিৰ আশা বাদ দি খেতিৰে আদৰ্শৰ পথ দেখুৱাইছে।
ইঞ্জিনিয়াৰিং স্নাতক, গণিতৰ স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰীধাৰী পাঁচ যুৱক ক্ৰমে বিক্ৰম ইছলাৰী, ৰনচাইগৌৰা ব্ৰহ্ম, অভিমান্য ব্ৰহ্ম, দেৱৰাজ বসুমতাৰী আৰু ৰাজীৱ নাৰ্জাৰীষে ভাৰতৃ-ভূটান সীমান্তৰ ঝাৰবাৰীত পাঁচশৰো অধিক বিঘা মাটিত সৰিয়হ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি তথা ব্যাক্তিগত খণ্ডৰ চাকৰি বাদ দি পাঁচ যুৱকে আৰম্ভ কৰা সৰিয়হ খেতিয়ে লহপহকৈ ডাঙৰ হৈ ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীক যেন হালধীয়াৰ দলিচা পাৰি দিছে।
সপোন সকলোৱে দেখে। সপোন দেখিছিল সেই পাঁচজন যুৱকেও। ইঞ্জিনিয়াৰিং স্নাতক ক্ৰমে বিক্ৰম ইছলাৰী, ৰনচাইগৌৰা ব্ৰহ্ম আৰু অভিমান্য ব্ৰহ্ম, গণিতৰ স্নাতকত্তোৰ ডিগ্ৰীধাৰী দেৱৰাজ বসুমতাৰী আৰু স্নাতক ডিগ্ৰীধাৰী ৰাজীৱ নাৰ্জাৰীয়েও সপোন দেখিছিল স্বাবলম্বী হোৱাৰ। চাকৰি পিছত দৌৰিলে বহুদিন। নাই, কতো চাকৰি নাই। চাকৰিৰ মন্দা বজাৰত তথা নিৰ্বাচনৰ পূৰ্বে নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি সকলো অসাৰ। সংস্থাপিত হোৱাৰ পিছতো ভঙ্গ হয় সকলো আশা, সকলো সপোন। কিন্তু আশাৰ নামেইতো জীৱন, জীৱনৰ আন এক প্ৰচ্ছায়া হ'ল সপোন। য'ত আশাই নাথাকে তাত জীৱন-যৌৱন-সপোনৰ অৰ্থ কি?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/SARIYAH-KHETI-NEW.jpg)
পাঁচ উচ্চশিক্ষিত যুবককেইজনেও সপোন দেখিছিল। সপোনবোৰে পাকঘূৰণি খাইছিল। সেই সপোন আছিল নিজৰ ভৰিত নিজে থিয় হোৱাৰ। চাকৰিৰ আশা বাদ দি আৰু ব্যাক্তিগত খণ্ডৰ চাকৰি ত্যাগ কৰি সকলোৱে একগোট হ'ল। মনত অদম্য সাহস। খেতিৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিব। ভবা মতেই কাম। আৰম্ভ হ'ল ইঞ্জিনিয়াৰিং, গণিতৰ কঠিন সমীকৰণৰ সলনি নাঙলৰ সিৰলুত প্ৰাণসঞ্চাৰ কৰাৰ এক কঠিন যাত্ৰা। সততাক মুলধন কৰি আত্মবিশ্বাসেৰে আগবাঢ়িলে হেনো সকলো কামতেই সুফল লাভ কৰিব পাৰি। পাঁচ যুৱকৰ ক্ষেত্ৰতো সেয়াই হ'ল। সফলতাৰে পাঁচশ বিঘা মাটিত সৰিয়হৰ হালধীয়া ফুল ফুলিল। পাঁচ কৰ্মঠ যুৱকৰ এই জয়যাত্ৰা আদৰ্শ আৰু অনুকৰণীয় হৈ পৰিছে যদিও এতিয়াও চৰকাৰ তথা কৃষি বিভাগৰ চকু পৰা নাই।