এটা ৫ টকীয়া মুদ্ৰাই আপোনাক বনাব লাখপতি!

এটা ৫ টকীয়া মুদ্ৰাই আপোনাক বনাব লাখপতি!

author-image
asomiyapratidin
New Update
এটা ৫ টকীয়া মুদ্ৰাই আপোনাক বনাব লাখপতি!

ডিজি়টেল ডেস্কঃ এটা ৫ টকীয়া মুদ্ৰা আৰু মূল্য ডেৰলাখ টকা। আচৰিত যেন লাগিলেও এয়াই সচাঁ। ৫ টকীয়া এই মুদ্ৰাটো জৱাহৰলাল নেহৰু মুদ্ৰা বুলিও কোৱা হয়। ৫ টকীয়া এই মুদ্ৰাটো হৈছে এইটো-

১৯৮৯ চনত জৱাহৰলাল নেহৰুৰ ১০০ সংখ্যক জন্মদিনত নিৰ্মাণ কৰা হৈছিল এই ৫ টকীয়া মুদ্ৰাটো। ১৯৮৯ চনত নিৰ্মাণ কৰা এই মুদ্ৰাটো অসমৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ডেৰ লাখ টকাত ক্ৰয় কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। খবৰ অনুসৰি এই মুদ্ৰাটো বিক্ৰীৰ বাবে ই-কমাৰ্চত ৱেবচাইটৰ ব্যৱস্থা আছে। যত মুদ্ৰাৰ ফটো দি মুদ্ৰাটো বিক্ৰীৰ ক্ষেত্ৰ বিজ্ঞাপন দিব পাৰে। বিষয়টোৰ সত্যতাৰ ক্ষেত্ৰত এতিয়াও ১০০ শতাংশ স্পষ্ট নহয় যদিও ভিন্ন সময়ত অসমত এনে মুদ্ৰাৰ ব্যৱসায় পূৰ্বতেও চলি আহিছে।