দেশত স্থাপন হ’ব ৪২০ খন ই-চিকিৎসালয়ঃ কেন্দ্ৰীয় চৰকাৰ…

দেশত স্থাপন হ’ব ৪২০ খন ই-চিকিৎসালয়ঃ কেন্দ্ৰীয় চৰকাৰ…

author-image
asomiyapratidin
New Update
দেশত স্থাপন হ’ব ৪২০ খন ই-চিকিৎসালয়ঃ কেন্দ্ৰীয় চৰকাৰ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাপে সমগ্ৰ দেশত ৪২০ খন ই-চিকিৎসালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰে বুধবাৰে এই কথা জানিবলৈ দিয়ে।

Advertisment

তেওঁ লগতে জনাইছে যে ২০১৫ চনৰ চেপ্তেম্বৰ মাহৰ পৰা বৰ্তমানলৈ এই সংক্ৰান্তত ১৮.৩৭ কোটী টকাৰ আদান-প্ৰদান হৈছে।

তেওঁ মন্তব্য কৰিছে যে, ইয়াৰ জৰিয়তে জনসাধাৰণে নামী চিকিৎসালয়ত চিকিৎসাৰ কৰাৰ বাবে এপন্টমেন্ট পোৱাৰ পথ প্ৰশস্ত হ'ব। তেওঁ লগতে মন্তব্য কৰিছে যে এতিয়াৰ বাবে নাম দাখিলৰ বাবে জনসাধাৰণে আৰু দীঘলীয়া শাৰীত থিয় হ'ব নালাগিব। অনলাইনৰ মাধ্যমতে সকলো উপলব্ধ হ'ব।

কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰা অনুসৰি এই ই-হস্পিতাল কেইখনে ডক্তৰ, ৰোগী আৰু চিকিৎসালয় সকলোকে একেখনে ডিজিটেল মঞ্চতে থিয় কৰাৰ বুলি তেওঁ আশা ব্যক্ত কৰে।