/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/mega.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হৈছে ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বা্ণিজ্য মেলা। দেশ বিদেশৰ আকৰ্ষণীয় সা-সামগ্ৰীৰে ভৰি থকা এই মেলাত আৰম্ভণি দিনাৰে পৰা ভিৰ লাগিছে অসংখ্য লোকৰ। কেৱল ক্ৰেতা ৰাইজেই নহয় বিক্ৰেতা হিচাপেও এই মেলাত অংশ লৈছে দেশ-বিদেশৰ বহুকেইজন উদ্যোগী ব্যক্তিয়ে।

বাণিজ্য মেলাৰ সমান্তৰালভাৱে এই মেলাত ২ অক্টোবৰ সন্ধিয়া অনুষ্ঠিত হয় এটা ফেশ্বন শ্ব'ও। Industries and Trade Fair Association of Assam য়ে আয়োজন কৰা মেলাখনত অনুষ্ঠিত হোৱা এই ফেশ্বন শ্ব'ত অংশ লয় দেশৰ ফেশ্বন জগতৰ বিখ্যাত মডেল ডিয়ান্দাই। ইয়াৰ উপৰিও ডিজাইনাৰ মেঘনাই ডিজাইন কৰা পোছাক পিন্ধি ৰেম্পত খোজ পেলায় প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া কাৱালজিৎ আনন্দে।
ইফালে ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বা্ণিজ্য মেলাৰ ২ অক্টোবৰৰ সন্ধিয়াটো আৰু অধিক জীপাল কৰি তোলে অসমীয়া ছবি ৰত্মাকৰৰ টীমে। ফেশ্বন শ্ব' চলি থকাৰ মাজতে ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ।