এতিয়াই কিনি থওঁক! ২৪ ঘন্টাৰ বাবে গুৱাহাটীত নাপাব পেট্ৰ’ল-ডিজেল…

এতিয়াই কিনি থওঁক! ২৪ ঘন্টাৰ বাবে গুৱাহাটীত নাপাব পেট্ৰ’ল-ডিজেল…

author-image
asomiyapratidin
New Update
বিগত ২৪দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১১.২৩টকা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ২৫ নৱেম্বৰত গুৱাহাটী মহানগৰীত নাপাব পেট্ৰ'ল-ডিজেল। নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনে জানিবলৈ দিছে এই কথা। বিভিন্ন সময়ত অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবী সমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই সিদ্ধান্ত লৈছে এছ'চিয়েচনে।

২৪ ঘণ্টা ধৰি বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো তেলডিপো। পুৱা ৫বজাৰে পৰা মহানগৰীত খোলা নাপাব কোনো তেলডিপো। ২৬ তাৰিখে পুৱা ৫বজাৰ পৰাহে গুৱাহাটীত উপলব্ধ হ'ব পেট্ৰ'ল-ডিজল।