/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/8f1f66bb-d966-4f1c-98f2-5ef7edd95b93.jpg)
ডিজিটেল ডেস্কঃ ২০১৮ বৰ্ষত দেশৰ আটাইতকৈ চৰ্চিত ৰাজনীতিবিদ কোন? ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছত সেই প্ৰশ্নৰ উত্তৰ অধিক কঠিন হৈ পৰিছে। ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছে ফলাফল দেখুওৱাৰ পাছত ৰাজস্থানৰ অশোক গেহলট, শচীন পাইলট, মধ্যপ্ৰদেশত কমল নাথ, জ্যোতিৰাদিত্য সিন্ধিয়া আদিৰ নাম চৰ্চালৈ আহিছে। একেদৰে, তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাওক লৈও চৰ্চা হৈছিল ২০১৮ বৰ্ষত। তাৰ মাজতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নামো চৰ্চিত হৈছে। ২০১৮ বৰ্ষত জনপ্ৰিয়তা হ্ৰাস পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
ইফালে, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰামৰ নামো ২০১৮ বৰ্ষত চৰ্চাত আছে। তেজপ্ৰতাপ যাদৱ, নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু, যোগীআদিত্য নাথ আদিৰ নাম যেনেকৈ চৰ্চালৈ আহিছে, একেদৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাজোঁট বন্ধনক লৈ অখিলেশ সিং যাদৱ আৰু মায়াবতীক লৈও আলোচনা চলিছে ৰাজনীতিত। আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে বিতৰ্কিত মন্তব্যৰ বাবে ২০১৮ বৰ্ষত চৰ্চিত হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আদিৰ নাম পূৰ্বৰ দৰেই চৰ্চাত আছে যদিও, তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে।
বিশেষকৈ হেলিকপ্টাৰত উঠা সময়ত পিচল খাই পৰা, নিৰ্বাচনী সভাত ভাগ লওঁতে ৰথৰ পৰা বাগৰি পৰা অমিত শ্বাহক লৈ বহু আলোচনা হৈছিল ছ'চিয়েল মিডিয়াত। পূৰ্বৰ দৰে উদাত্ত আৰু সন্মোহনী ভাষণ দিব পৰা ক্ষমতা যেন হ্ৰাস পাইছে নৰেন্দ্ৰ মোডীৰ। তাৰ বিপৰীতে ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ আগলৈকে নিস্তেজ হৈ থকা ৰাহুল গান্ধীৰ আত্মবিশ্বাস বছৰটোৰ শেষৰ ফালে বৃদ্ধি পাইছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ এইবৰ্ষত বিশেষ চৰ্চা নহ'ল।