বেয়া খবৰ, ৰাজহুৱা খণ্ডৰ বেংকে হ্ৰাস কৰিছে এ টি এমৰ সংখ্যা…

বেয়া খবৰ, ৰাজহুৱা খণ্ডৰ বেংকে হ্ৰাস কৰিছে এ টি এমৰ সংখ্যা…

author-image
asomiyapratidin
New Update
বেয়া খবৰ, ৰাজহুৱা খণ্ডৰ বেংকে হ্ৰাস কৰিছে এ টি এমৰ সংখ্যা…

ডিজিটেল ডেস্কঃ এ টি এম ব্যৱহাৰকাৰী সকলৰ বাবে বেয়া খবৰ। দেশত হ্ৰাস পাইছে এ টি এমৰ সংখ্যা। ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে কেইবাহাজাৰো এ টি এম। অৱশ্যে ৰিজাৰ্ভ বেংকৰ এক তথ্য অনুসৰি ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত দেশত আছিল ২,২১,৫৫৩ টা এ টি এম। কিন্তু ২০১৯ বৰ্ষৰ মাৰ্চ মাহত হ্ৰাস পাই এই সংখ্যা হৈছেগৈ ২,২১,৭০৩ টা।

Advertisment

উল্লেখ্য যে, উন্নত প্ৰযুক্তিৰ লগতে ৰিজাৰ্ভ বেংকৰ নগদ ধন সম্পৰ্কীয় নতুন নীতিৰ বাবে এ টি চলোৱাটো বহু বেংকৰ বাবে ব্যয়বহুল হৈ পৰিছে। এ টি এম চলোৱাৰ বাবে পূৰ্বৰ তুলনাত অধিক ধন খৰচ কৰিব লগা হৈছে বেংকসমূহে। যাৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকে বন্ধ কৰিছে ১০,৮০৯ টা এটি এম। ইফালে ব্যক্তিগত খণ্ডৰ বেংকে নতুনকৈ সংস্থাপন কৰিছে ৩,৯৭৫ টা এ টি এম। ইফালে এ টি এমৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বহুতো অসুবিধাত পৰিছে সাধাৰণ ৰাইজ।