/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/liquor.jpg)
ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ কৃষিৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইন্ধন আৰু সুৰাকে ধৰি কেইবাটাও সামগ্ৰীৰ ওপৰত এক অতিৰিক্ত কৰ প্ৰৱৰ্তন কৰিছে।
সোমবাৰে সংসদত উপস্থাপন কৰা তেওঁৰ বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে- তেওঁ কিছুমান সামগ্ৰীৰ ওপৰত কৃষি আন্তঃগাঁথনি আৰু উন্নয়নৰ বাবে অতিৰিক্ত কৰৰ প্ৰস্তাৱ উত্থাপন কৰিছে।
উল্লেখ্য যে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আগন্তুক বিত্তীয় বৰ্ষ ২০২১-২২ ত সুৰা যুক্ত পানীয়ত ব্যৱহৃত উপকৰ হাৰ ১০০ শতাংশ বৃদ্ধি কৰিছে। বিশ্লেষকসকলে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছত সুৰাৰ মূল্য বৃদ্ধি পাব।