অচল হ’ব নেকি ১০ টকীয়া মুদ্ৰা!

অচল হ’ব নেকি ১০ টকীয়া মুদ্ৰা!

author-image
asomiyapratidin
New Update
অচল হ’ব নেকি ১০ টকীয়া মুদ্ৰা!

ডিজিটেল ডেস্কঃ ২০০৫ চনৰ পৰা ভাৰতবৰ্ষত আৰম্ভ হৈছিল ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন। প্ৰথম কেইবছৰমান এই মুদ্ৰা প্ৰচলনৰ পাছত উৰাবাতৰি ওলাল যে বজাৰত বন্ধ হৈছে ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন। ইয়াৰ পিছৰে ভিন্ন স্থানত কিছু ব্যৱসায়ীয়ে এই মুদ্ৰাৰে সামগ্ৰী বিনিময় কৰাত কিছু দ্বিধাবোধ কৰিছিল। কিন্তু এই সকলোবোৰ অসুবিধাৰ ওৰ পেলাই যোৱা ৩০ জানুৱাৰীত আহিল এক বিশেষ খবৰ।

ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেশৰ উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্তগ্ৰহণ কৰিছে যে এই ১০ টকীয়া মুদ্ৰা বিনিময়ৰ ক্ষেত্ৰত ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে অনীহা প্ৰকাশ কৰে  তেন্তে সেইজন ব্যক্তি হ'ব আইন মতে দণ্ডনীয়। ইয়াৰ উপৰিও সেইক্ষেত্ৰত অনীহা প্ৰকাশ কৰা ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ কৰাৰ লগতে ২০০ টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব ব্যক্তিজনে।