/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/narendra-modi-o-sha_d.jpg)
ডিজিটেল সংবাদ,মাজুলীঃ পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে শীঘ্ৰে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক সংযোজিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰাজ্যত পথ-যোগাযোগ আন্তঃগাঠনিৰ আমূল পৰিবৰ্তন সাধনৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা ৫০০০ কোটি টকীয়া 'অসম মালা' কাৰ্যসূচীৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপাদান হিচাপে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰে মাজুলীক সংযোগ কৰাকৈ সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হ'ব ১.৪ কিলোমিটাৰ দৈৰ্ঘৰ এখন বৃহৎ পকী দলং।
অহা ৭ ফেব্ৰুৱাৰীত ঢেকিয়াজুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰৰ অতি মহত্বপূৰ্ণ পথ-যোগাযোগ আন্তঃগাঠনি উন্নয়নমূলক কাৰ্যসূচী 'অসম মালা'ৰ কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়া আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ পাছতে ৰাজ্যৰ লোকনিৰ্মাণ(পথ) বিভাগে মাজুলী-বিহপুৰীয়া সংযোগী এই দলংখনৰ নিৰ্মাণ কাৰ্য চলিত মাহৰ পৰাই আৰম্ভ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে। আগন্তুক তিনি বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব লগা এই দলং নিৰ্মাণৰ বাবে ইতিমধ্যে লোকনিৰ্মাণ (পথ) বিভাগে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰি উলিয়াইছে।
এই ডিপিআৰ অনুসৰি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা এই দলংখনৰ উপৰি নামনি মাজুলীৰ কানিয়াজানতো এখন ৪০০ মিটাৰ দৈৰ্ঘৰ পকী দলং নিৰ্মাণ কৰাৰ লগতে বালিচাপৰিৰ পৰা মালাপিন্ধা-কানিয়াজান-১নং আউনিবাৰী হৈ লখিমপুৰ জিলাৰ ধূনাগুৰিলৈ গড়কাপ্টানী পথছোৱা আসল-বহলকৈ নিৰ্মাণ কৰি ৰাজ্যিক ঘাইপথ ৰূপে উন্নীত কৰা হ'ব। 'বালিচাপৰিৰ পৰা ধূনাগুৰি সংযোগী পথ উন্নীতকৰণ আঁচনি' শীৰ্ষক এই সমগ্ৰ প্ৰকল্পৰ বাবে ডিপিআৰত মুঠ ৭৭০ কোটি টকাৰ মুঠ প্ৰকল্প ব্যয় নিৰ্ধাৰণ কৰা হৈছে।
ই পথ তথা দলং নিৰ্মাণ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ বাবে জৰীপ কাৰ্যও ইতিমধ্যে অন্তিম স্তৰত উপনীত হৈছে। লখিমপুৰ জিলাৰ মাজেৰে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰকো মাজুলীৰ পৰা পোনপটীয়া পথ-যোগাযোগেৰে ওচৰ চপাই অনাৰ পথ প্ৰশস্ত কৰিব এই গুৰুত্বপূৰ্ণ পথ তথা দলং নিৰ্মাণ প্ৰকল্পই।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ আগ্ৰহতে নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বিহপুৰীয়া সংযোগী সোৱণশিৰিৰ ধূনাগুৰি দলং তথা পথ নিৰ্মাণ প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণৰ উদ্যোগ লৈছে ৰাজ্যৰ লোকনিৰ্মাণ (পথ) বিভাগে। অসম মালাৰ অধীনৰ এই পথ-দলং নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে নিশ্চিত ভাৱে মাজুলীৰ লগতে সমগ্ৰ উত্তৰ অসমত পথ যোগাযোগ আন্তঃগাঠনি অভাৱনীয় উন্নয়নৰ লগতে জনজীৱনতো সুদূৰপ্ৰসাৰী ইতিবাচক পৰিবৰ্তনৰ সূচনা হ'