সৰুপথাৰত জব্দ বাৰ্মিজ চুপাৰী, আটক ৫ জন…

সৰুপথাৰত জব্দ বাৰ্মিজ চুপাৰী, আটক ৫ জন…

ডিজিটেল সংবাদ, সৰুপথাৰ: বুধবাৰে নিশা নাকা চেকিঙত জব্দ কৰে দুখনকৈ চুপাৰী ভত্তী ট্ৰাক। ট্ৰাক দুখনৰ নম্বৰ  HR 65 A9188 আৰুPB10 GW4973 বুলি জানিব পৰা গৈছে।

লগতে এখন NL07 CA 1757 নম্বৰৰ Wagonr বাহনো জব্দ কৰে আৰক্ষীয়ে। দুয়োখন ট্ৰাকতেই প্ৰায় ৩০০ বেগ কৈ চুপাৰী আছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাৰ লগত জড়িত পাঁছ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোক কেইজন চুঙাজান ন-খুটিৰ দেৱেশ্বৰ শইকীয়া,চুঙাজানৰ বিজয় সিং আৰু আন তিনিজন অসমৰ বহিঃৰাজ্য জম্মুৰ উদমপুৰ থানাৰ অশোক কুমাৰ, পঞ্জাৱ জুগিযানাৰ সঞ্জীৱ কুমাৰ সিং আৰু উত্তৰ প্ৰদেশৰ শিৱম ৰাৱ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in