১৭ বছৰৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে বিটিআৰত উপায়ুক্তৰ কৰ্তৃত্ব বৃদ্ধি, ডিচিৰ গোপন প্ৰতিবেদনো দিব বিটিআৰে..

১৭ বছৰৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে বিটিআৰত উপায়ুক্তৰ কৰ্তৃত্ব বৃদ্ধি,  ডিচিৰ গোপন প্ৰতিবেদনো দিব বিটিআৰে..

১৭ বছৰৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে বিটিআৰত উপায়ুক্তৰ কৰ্তৃত্ব বৃদ্ধি, ডিচিৰ গোপন প্ৰতিবেদনো দিব বিটিআৰে..

ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশত জৰুৰী সেৱাৰ উপৰিও জিলা পৰ্যায়ৰ উন্নয়নমূল কাম কাজৰ পৰ্যবেক্ষণৰ কৰ্তৃত্ব উপায়ুক্তৰ হাতত ন্যষ্ট হৈ থাকে যদিও ষষ্ঠ অনুসূচীৰ বিশেষআধিকাৰৰ সুযোগ লৈ বি টি চিৰ অধিনস্ত কোকৰাঝাৰ, বাস্কা, চিৰাং আৰু  ওদালগুৰি এই তিনিখন জিলাত আইন শৃংখলাৰ বাহিৰে উপায়ুক্তৰ সমস্ত কৰ্তৃত্ব হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত সংকোচিত কৰি পেলোৱা হৈছিল।

কেন্দ্ৰত অথবা ৰাজ্যৰ অনুদানৰ জড়িয়তে জিলাই জিলাই ৰূপায়ন হোৱা উন্নয়ন আঁচনিৰ ৰূপায়ন, ইয়াৰ নামত পুঁজি ধাৰ্য আৰু ব্যয় আচঁনি ৰূপায়নত থিকাদাৰক বিল আদায় আদি সমগ্ৰ প্ৰক্ৰিয়া কাউন্সিলৰ কৰ্তৃত্বলৈ লৈ প্ৰশাসনীয় পৰিকাঠামোটো এক প্ৰকাৰ পংগু কৰি তোলা হৈছে। বিটিচিৰ মূৰব্বী অথবা এম চি এলেই যি কই, সেয়াই আইন ৰূপে পৰিগণিত হোৱাৰ সুযোগত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে।

ফলত ১৭ টা বছৰত শ শ কোটি টকাৰ আঁচনি প্ৰহসনত পৰিণত কৰি এচামে সমস্ত অৰ্থ আত্মসাত কৰিছিল। ইয়াৰ আমূল সংস্কাৰ সাধনৰ বাবেই এতিয়াৰ পৰা বি টি আৰৰ অধীনস্থ এই চাৰি জিলাৰ উপায়ুক্তই ৰাজ্যৰ আন জিলাৰ উপায়ুক্তই যিদৰে সমস্ত কাম কাজৰ পৰ্যবেক্ষণৰ কৰ্তৃত্ব লাভ কৰে সেই সমুদায় অধিকাৰ লাভ কৰিব। এয়া বি টি আৰৰ নতুন মূৰব্বী প্ৰমোদ বড়োৰ।

আজি তেওঁ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক এই কথা স্পষ্ট কৰি দিয়ে যে, কেন্দ্ৰ বা ৰাজ্যৰ কেবিনেটে যিদৰে বিভিন্ন আঁচনি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে সেইদৰেই বি টি আৰটো স্বায়ত্ব পৰিষদে আঁচনি গ্ৰহণ আৰু প্ৰতিখন আঁচনিৰ বাবে পুঁজি নিৰ্ধাৰণ কৰিব যদিও জিলাই জিলাই এয়া সম্পূৰ্ণ ৰূপায়নৰ ক্ষেত্ৰ্ত পৰ্যবেক্ষণৰ দায়িত্ব উপায়ুক্তসকলৰ হব।

জনপ্ৰতিনিধিয়ে তেওঁক পৰামৰ্শৰে সহায় কৰিব। বিটিচিৰ প্ৰধান সচিবে উপায়ুক্তসকলৰ কাম-কাজত নজৰ ৰাখিব আৰু ইয়াৰ উপৰতে ভিত্তি কৰি উপায়ুক্তসকলৰ চি আৰ বিটিচিৰ জড়িয়তে প্ৰদান কৰা হব। এই সংস্কাৰ ব্যাপক দুৰ্নীতি প্ৰতিৰোধ আঁচনিৰ সঠিক ৰূপায়ন আৰু দলীয় দৃষ্টী ভংগীৰ পৰিবৰ্তে সম বিতৰণৰ উদ্দেশ্যৰে কৰা হৈছে। কিন্তু একাংশ ৰবিৰুধী ৰাজনৈতিক ইয়াৰ অপব্যাখ্যা আগবঢ়ায় প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰে সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত পৰিষদৰ কৰ্তৃত্বক সংবিধান অমান্য কৰি অবনমিত কৰা বুলি অপপ্ৰচাৰ চলাইছে।

ইয়াৰ মূল উদ্দেশ্যটোৱেই হল,  বিগত ১৭ বছৰে চলি অহা লুট পাতৰ সুযোগটো বন্ধ হোৱা কাৰ্য এই সকলে নিবিচাৰে। কিন্তু আমি জনস্বাৰ্থতে এনেপদক্ষেপ গ্ৰহণ কৰিছো। ৰাজ্যৰ স্বাৰ্থত আমাৰ ব্যক্তিগত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ যিকোনো প্ৰকাৰে ৰোধ কৰাটো জনপ্ৰতিনিধি হিচাপে আমাৰ প্ৰাথমিক কৰ্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in