পেট্ৰ’ল শতকৰ ঘৰত প্ৰৱেশ, পিছে পিছে ডিজেল…

পেট্ৰ’ল শতকৰ ঘৰত প্ৰৱেশ, পিছে পিছে ডিজেল…

পেট্ৰ'লৰ শতকৰ ঘৰত প্ৰৱেশ, পিছে পিছে ডিজেল…

ডিজিটেল ডেস্কঃ পেট্ৰ'লৰ মূল্যই চু'লেগৈ শতকৰ ঘৰ। বিগত কেইটামান দিনৰ পৰা ইন্ধনৰ মূল্য অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে দেশত। দেশৰ কেইবাখনো মুখ্য চহৰত পেট্ৰলৰ মূল্যই শতকৰ ঘৰৰ দিশে গতি কৰাৰ লগতে কেইবাখনো ৰাজ্যত শতকৰ ঘৰ চুইছেগৈ পেট্ৰৰ মূল্যই। দেশৰ এখন মুখ্য চহৰ মুম্বাইত আজিৰ দিনটোত (৭জুন,২০২১) প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ১০১.৫২টকা। ইয়াৰ বিপৰীতে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ৯৬.৭১টকা।

মুম্বাইৰ উপৰিও দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯৩.৩১ টকা আৰু ডিজেলৰ মূল্য ৮৬.২২টকা। চেন্নাইত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯৬.৭১টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৯০.৯২টকা। কলিকতাত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯৫.২৮টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৯.০৭টকা।

অসমতো পেট্ৰলৰ মূল্যই ৯০ৰো ঘৰ অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ৯০.২০টকা। ঠিক তেনেদৰে ডিব্ৰুগড়ত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯১টকা, তিনিচুকীয়াত প্ৰতিলিটাৰ পেট্ৰলত ৯০.১৮টকা, লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯২. ৮৬টকা হৈছেগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in