বৃদ্ধ, দৰিদ্ৰ ৰিক্সা চালক তুলসী নাথৰ কাষত সমাজকৰ্মী সাৰংগ ভূঞা

বৃদ্ধ, দৰিদ্ৰ ৰিক্সা চালক তুলসী নাথৰ কাষত সমাজকৰ্মী সাৰংগ ভূঞা

বৃদ্ধ, দৰিদ্ৰ ৰিক্সা চালক তুলসী নাথৰ কাষত সমাজকৰ্মী সাৰংগ ভূঞা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহামাৰী কোৰোনাই চাৰিও দিশে বিভিষিকাময় পৰিৱেশৰ সৃষ্টি কৰি থকাৰ সময়তে হাহাকাৰ পৰিস্থিতিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীটোক ।বহুতৰে বাবে এসাজ খাদ্যৰো অভাৱ দেখা গৈছে। কোৰোনাৰ দ্বিতীয়টো লহৰে সমগ্ৰ অসমত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ অৰ্থনীতি অৱস্থাও ব্যাপক অৱনমিত হৈছে। যাৰ প্ৰভাৱত কোঙা হৈ পৰিছে বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত ব্যক্তি সকল। এই সময়ছোৱাত অধিক হাৰত বিপদত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী,ঠেলা ৱালা, ৰিক্সা ৱালা আৰু দৰিদ্ৰ দিন হাজিৰা কৰি পৰিয়াল চলোৱা লোক সকল।

ৰাজ্যত এতিয়া চলি আছে মিনি লকডাউন যাৰ বাবে দিনটোৰ বেছি ভাগ সময়ে বন্ধ হৈ থাকে দোকান পোহাৰ আৰু বজাৰ সমূহ। এই সময়ছোৱাত বটদ্ৰৱা সমষ্টিৰ হাতীচোং দীঘলীপাৰ গাঁৱৰ অতি দৰিদ্ৰ, বৃদ্ধ ৰিক্সা চালক তুলসী নাথৰ দুৰ্দশাৰ বিষয়ে মঙলবাৰে অসমীয়া প্ৰতিদিনত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে আজি পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ আগ বাঢ়ি আহিছে সমাজকৰ্মী সাৰংগ ভূঞা। সাৰংগ ভূঞাই আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তৰ সহযোগত বুধবাৰে পৰিয়ালটিক দালি, মিঠাতেল, আলু, পিয়াজ, পাচলি আদিকে ধৰি অত্যাৱশকীয় খাদ্য-সামগ্ৰী প্ৰদান কৰে। আৰু পৰবৰ্তী সময়ত পৰিয়ালটিয়ে বসবাস কৰি থকা জুপুৰিটো মেৰামতিৰ বাবে টিনপাত আগবঢ়োৱা হব বুলি জানিবলৈ দিয়ে।

৫৭ বছৰীয়া তুলসী নাথে বিগত দিনবোৰত নগাঁও চহৰত ৰিক্সা চলাই পৰিয়াটো যেনেতেনে পোহপাল দিছিল। কিন্ত বিগত বৰ্ষত হোৱা লকডাউনৰ পাছত বৰ্তমান মিনি লকডাউনৰ এই পৰিস্থিতিত দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল পৰিয়ালটোৱে । উল্লেখ্য যে, সাৰংগ ভূঞাই বিগত সময়চোৱাত বটদ্ৰৱা সমষ্টিৰ বিভিন্ন অঞ্চলৰ কনটেইনমেন্ট জ'নত থকা শ শ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। আৰু বিপদৰ সময়ত পৰিয়ালটোক কৰা এই সহায়ৰ বাবে পৰিয়ালটোৱে ব্যক্তি দুজনক কৃতজ্ঞত  জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in