ন-ৰূপ পাব আৰক্ষীয়েঃ এমাহ ছুটী, দুটাকৈ ছিফ্ট, বছৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা…

ন-ৰূপ পাব আৰক্ষীয়েঃ এমাহ ছুটী, দুটাকৈ ছিফ্ট, বছৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা…

নতুন ৰূপত দেখা পোৱা যাব অসম আৰক্ষীক। ইমান দিনে যি সংস্কাৰৰ কথা কোৱা হৈছিল , তেনে কিছু সংস্কাৰ কৰা হ'ব আৰক্ষী বিভাগত। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ বৈঠকৰ অন্তত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক প্ৰতিবেদন।

অসম আৰক্ষীত সমস্যাৰ শেষ নাই। থানা আছে যদিও আৰক্ষী বিভাগত নাই থানাত কৰ্তব্য সম্পাদন কৰিবলৈ প্ৰয়োজনীয় মানৱ সম্পদ। অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই তেনেবোৰ দিশত পূৰ্বৰে পৰা গুৰুত্ব প্ৰদান কৰি আহিছিল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেনে কিছু পৰিৱৰ্তন আৰু সংস্কাৰ কৰিবলৈ আগবাঢ়িছে অসম আৰক্ষী।

বুধবাৰে কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত হৈছিল ৰাজ্যৰ আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষী সঞ্চালক প্ৰধানৰ এক গুৰুত্বপূৰ্ণ বৈঠক। দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ সংস্কাৰৰ বাবে লোৱা কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিলে । ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে- আৰক্ষীৰ বেটেলিয়ান সমূহত কৰ্মৰত জোৱান সকলৰ বাবে বছৰত এমাহ উপহাৰ মূলক ছুটী প্ৰদান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ অন্তত সংবাদমাধ্যমক সম্বোধন কৰি কয় যে বহু আৰক্ষী জোৱানে আৰ্ণ লীভ পাই যদিও অৱসৰৰ সময়ত সেই লীভ নল'লে ২-৩ লাখ টকা লাভ কৰাৰ বাবে ঘৰলৈ নোযোৱাকৈ থাকে। ইয়াৰ বাবে তেওঁলোকে পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ অৱকাশ নাপায়। এই দিশত গুৰুত্ব দি ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়াৰ পৰা প্ৰতিজন জোৱানেই আৰ্ণ লীভৰ উপৰিও বছৰত এমাহকৈ বাধ্যতামূলক ছুটী দৰমহা সহ লাভ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই কয়- এই সময়খিনি তেওঁলোকে পৰিয়ালৰ সৈতে কটাব পাৰিব। যাৰ যি প্ৰয়োজন সেই অনুসৰি জোৱান সকলে ছুটী ল'ব পাৰিব বুলিও জানিবলৈ দিয়ে। ইফালে, অসম আৰক্ষীয়ে ১০হাজাৰ কামাণ্ডো বেটেলিয়ান নিযুক্তিৰে ১০টা কামাণ্ডো বেটেলিয়ান গঠন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই বেটেলিয়ানৰ কামাণ্ডো সকলক পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন প্ৰান্তত থকা আৰক্ষী একাডেমীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে যোগাযোগ কৰা হ'ব বুলিও সদৰী কৰে। এই বৈঠকতে লোৱা সিদ্ধান্ত অনুসৰি দিনজোৰা ব্যস্ততাৰ বাবে মূৰ তুলিবলৈ আজৰি নথকা অসম আৰক্ষীৰ বাবে আন এক সকাহ মূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এতিয়াৰ পৰা থানাত দুটা ছিফ্টত আৰক্ষীয়ে কৰ্তব্য সম্পাদন কৰিব পাৰিব। প্ৰতিদিনাই এনে ব্যৱস্থাৰ জৰিয়তে আৰক্ষী সকলক মানসিক আৰু দিনজোৰা ব্যস্ততাৰ অৱসাদৰ অন্ত পেলাব বুলিও অনুমান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, দুটা ছিফ্ট কৰিবলৈ যি আৰক্ষী উপ পৰিদৰ্শক, কনিষ্টবল বা মানৱ সম্পদৰ প্ৰয়োজন হয় সেয়া চৰকাৰে নিযুক্তি দিব।

ৰাজ্য চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ ভিতৰতে আৰক্ষীৰ লোককো নিযুক্তি দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে কিমান সংখ্যক লোকক আৰক্ষী বিভাগত নিযুক্তি দিয়া হয় সেয়া পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব। ড্ৰাগছ সৰবৰাহৰ বাবে অসমক কোনো লোকে যাতে পথ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে ইয়াৰ প্ৰতিও কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমত সদৰী কৰে।

ইফালে, যিসকল ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে বিভিন্ন কাৰণত আদালতৰ পৰা জামিন লাভ কৰা বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে.। বিশেষকৈ ফৰেনছিকৰ পৰা অহা প্ৰতিবেদন সময়মতে নোপোৱাৰ বাবে বহু অপৰাধীয়ে জামিন লাভ কৰে । এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখি অহা ৬ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে অসমত ৭টা কৈ ফৰেনছিক লেব'ৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গৰুৰ চোৰাং বেহাৰ ক্ষেত্ৰতো কঠোৰ হ'ব ৰাজ্য চৰকাৰ। কোনো কাৰণতে অসমত গৰুৰ চোৰাং বেহা কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। অসমৰ সীমান্তইদি পশ্চিমবংগৰ পৰা অহা চোৰাং গৰুৰ প্ৰৱেশত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে।

এইখিনিতে আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল অসম আৰক্ষীৰ মানসিক স্বাস্থ্য। আৰক্ষীত কৰ্তব্যৰত প্ৰতিজন লোক যাতে সুস্থ আৰু সবল হয় তাৰ প্ৰতি বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সচেতন হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বছৰত এবাৰকৈ এতিয়াৰ পৰা আৰক্ষী জোৱানসকলৰ বাধ্যতামূলক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ'ব।

অসম আৰক্ষীত আছে ৮০ হাজাৰৰো অধিক বিষয়া-জোৱান। এই আৰক্ষী জোৱান-বিষয়াসকলৰ স্বাস্থ্য পৰীক্ষা কিদৰে সম্পন্ন কৰা হয় সেই সন্দৰ্ভতো অচিৰেই এক মডেলিটী তৈয়াৰ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই অসম আৰক্ষীক যে সংস্কাৰৰ দিশে এখোজ আগবঢ়াই নিলে সেয়া নিশ্চিত।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, ৬ মাহৰ মূৰে মূৰে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত সকলৰ সৈতে এনেধৰণৰ বৈঠক অনুষ্ঠিত হৈ থাকিব। কাজিৰঙাৰ বৈঠকতে এই কথাও জানিবলৈ দিয়া হয় যে পৰৱৰ্তী আৰক্ষী অধীক্ষকসকলৰ বৈঠক নবেম্বৰত দুলীয়াজানত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ এনে সংস্কাৰমূলক কাৰ্যসূচীৰে বিভাগটো আৰু তৎপৰ কৰি তুলিব বুলি আশা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in