বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ দেৱালত চিত্ৰ অংকন…

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ দেৱালত চিত্ৰ অংকন…

ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত শুক্ৰবাৰে  অনুষ্ঠিত কৰা হয় দেৱাল চিত্ৰাংকন প্ৰতিযোগিতা । বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা মুঠ ২০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিকুল বতৰকো নেওচি হিমা দাস, পৰিৱেশ প্ৰদূষণ, সুধাকণ্ঠ ভূপেন হাজৰিকা, এ পি জি আব্দুল কালাম, অসমৰ ইতিহাস, জুবিন গাৰ্গকে ধৰি বিভিন্ন বিষয়ত দেৱাল চিত্ৰ অংকন কৰে । প্ৰতিযোগিতাত বিচৰাক হিচাপে থাকে উপস্থিত থাকে বকো মিউজিক এণ্ড আৰ্ট স্কুলৰ ছবিৰ শিক্ষক মনোজ বড়ো আৰু কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ ছবি বিষয়ত স্নাতক ডিগ্ৰীধাৰী ভবেন দাস ।

 উল্লেখযোগ্য যে অহা ৩ আগষ্টত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই এই দেৱাল চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে । অহা ২ জুলাইত বিজয়ী প্ৰতিযোগীক ট্ৰফী, মেডেল আৰু প্ৰমাণ পত্ৰ দিয়া হ'ব।

প্ৰতিযোগিতা খনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চান ৰাজ ৰাভা , সভাপতি ইমনজ্যোতি ৰয়, তৰ্ক আৰু আলোচনা চক্ৰৰ সম্পাদক গুলাম মুজাম্মিল আহমেদ, আলোচনী সম্পাদক নয়নমণি ৰংদাৰ, খেল সম্পাদক ঋতুৰাজ ৰাভা, ক্ৰীড়া সম্পাদক মৃদুল ৰাভা , উপ-সভাপতি হিমু কলিতা, সমাজ সেৱাৰ সম্পাদক ভাস্কৰজ্যোতি ৰাভা, সহকাৰী আলোচনী সম্পাদক জ্যোতিৰ্ময় ঠাকুৰীয়া, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক জুবিন চৌধুৰীকে ধৰি বিভিন্ন জনে সহযোগ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in