বকোত একাংশ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ, বিভিন্ন ছবি অংকনেৰে পথাচাৰীক কৰিছে আকৰ্ষণ…

বকোত একাংশ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ, বিভিন্ন  ছবি অংকনেৰে পথাচাৰীক কৰিছে আকৰ্ষণ…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অহা ৩ আগষ্টত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ।  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ একতা সভাই যোৱা ২৯ জুলাইত আয়োজন কৰা মহাবিদ্যালয়খনৰ সন্মুখৰ দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাই এক ব্যপক ৰূপ লৈছে ।

যোৱা ২৯ জুলাইত আৰম্ভ কৰা দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতা যেন দেওবাৰেও শেষ নহ'ব।  প্ৰথমতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল যদিও পিচলৈ মহাবিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে ওচৰে-পাজৰে থকা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে দেৱালত চিত্ৰা অংকন কৰি আছে ।

আজিও মহাবিদ্যালয়খনৰ দেৱালত দুগৰাকী উদিয়মান চিত্ৰ শিল্পীয়ে চিত্ৰ অংকন কৰি আছে। ইয়াৰ এগৰাকী হিতেশ বড়ো আৰু আনগৰাকী চম্পক ঠাকুৰীয়া । বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ হিতেশ বড়োই নিজৰ ছবি নিজে মহাবিদ্যালয়খনৰ দেৱালত অংকন কৰি আছে । গীতাৰ বজাই থকা ছবিখন হিতেশ বড়োই যোৱা ২৯ জুলাইৰ পৰাই অংকন কৰিছে ।

আজি দেৱালত চিত্ৰ অংকন কৰি থকা আন এগৰাকী চিত্ৰশিল্পী চম্পক ঠাকুৰীয়া। চম্পক ঠাকুৰীয়াই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক অংকন কৰি আছে । বৃহৎ আকাৰৰ ছবিখন চম্পক ঠাকুৰীয়াই আজিলৈকে যোৱা ২৯ জুলাইৰ পৰাই অংকন কৰি আহিছে । চিত্ৰশিল্পী চম্পক ঠাকুৰীয়া বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ।

ইতিমধ্যে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ কলা শাখাৰ ছাত্ৰ চিৰঞ্জীৱ ৰাভাই জুবিন গাৰ্গ আৰু এলবাৰ্ট আইনষ্টাইনক একেলগে অংকন কৰা লগতে কাষতে দেৱালত সুকীয়াকৈ হিমা দাস অংকন কৰি উলিয়াইছে।  চিৰঞ্জীৱ ৰাভাই অৱশ্যে যোৱা ২৯ জুলাইৰ পৰা চিত্ৰ অংকন আৰম্ভ কৰি কালি সমাপ্ত কৰে ।

চিৰঞ্জীৱে অংকন কৰা ছবি দুখনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।মহাবিদ্যালয়খনৰ স্নাতক মহলাৰ বিজ্ঞান শাখাৰ ছাত্ৰী সংহিতা ৰাভাকে ধৰি তিনিগৰাকী ছাত্ৰীয়ে প্ৰাকৃতিক দৃশ্য ওপৰত অংকন কৰা একেখন ছবিতে ইতিবাচক আৰু নেতিবাচক দিশ অংকন কৰি উলিয়াইছে । বকো জৱাহৰলাল নেহৰুৰ মহাবিদ্যালয়ৰ দেৱালত চিত্ৰ অংকন কৰা বেছিভাগ চিত্ৰশিল্পীয়ে ছবি বিষয়ৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা যদিও একাংশ ছাত্ৰ-ছাত্ৰীয়ে ছবি বিষয়ৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ নকৰাকৈয়ে সুন্দৰ চিত্ৰ অংকন কৰিছে ।

সেই সকলৰ ভিতৰত লীনা বসুমতাৰী অন্যতম।  লীনা বসুমতাৰীৰ আন এক  বৈশিষ্ট বাওঁহাতেৰে ছবি অংকন কৰে । লীনা বসুমতাৰীয়ে অংকন কৰা ছবিখন মহাবিদ্যালয়খনৰ সন্মুখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা পথাচাৰীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। উল্লেখযোগ্য যে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাৰ ফলাফল অহা ২ জুলাইত ঘোষণা কৰিব । লগতে বিজয়ী প্ৰতিযোগীক ট্ৰফী, মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in