ৰজাঘৰ শুইয়েই থাকক, গোবিন্দ চৌধুৰীক আমিয়েই সন্মান দিও আহক…

ৰজাঘৰ শুইয়েই থাকক, গোবিন্দ চৌধুৰীক আমিয়েই সন্মান দিও আহক…

মৃদুল কুমাৰ সন্দিকৈ

এজন মানুহক চিনাকী কৰাই দিও ।তেওঁক চিনি নোপোৱাতোৱেই স্বাভাৱিক। কিন্তু তেওঁ আছিল – এক বিৰল প্ৰতিভা। নীৰৱ সাধনাই সেই প্ৰতিভাধাৰীক জনপ্ৰিয় নকৰিলেও দায়বদ্ধশীল কৰি ৰাখিছিল সদায়। এখন গ্ৰন্থ উন্মোচনী সভাত চৰ্চা হৈছিল মানুহজনৰ কথা। আজিৰ পৰা প্ৰায় ৯২ বছৰ আগতে ১৯৩১ চনৰ ৩১ জুলাইত তেওঁৰ জন্ম হৈছিল।

তেজপুৰৰ ধেনুসনা জাহাজ ঘাটত জন্মগ্ৰহণ কৰা এই ব্যক্তিজন আছিল সঁচা অৰ্থত মাটি আৰু মানুহক জয়গান গোৱা শিল্পী। তেওঁ আছিল গায়ক, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি আৰু বিপ্লৱী চেতনাৰে পৰিচালিত সঁচা মনৰ মানুহ।

কবিতা লিখাতো তেওঁৰ নিচা আছিল। বৰদৈচিলা সম্পাদক শিৱপ্ৰসাদ  বৰুৱাই তেওঁক চিনিছিল। অসমৰ সাংস্কৃতিক জগতৰ এই নিষ্ঠাবান শিল্পী,কবি তথা নৃত্যশিল্পী গৰাকীৰ ২০০২ চনতেই মৃত্যু হয়।

এতিয়া আৰু তেতিয়াৰ শিল্পীৰ মাজত আকাশ-পাতাল পাৰ্থক্য। শিল্পীয়ে একো নিবিচাৰে কেৱল দি যায়। দৰিদ্ৰতাৰে ভৰা জীৱন সংগ্ৰামৰ মাজত সৃষ্টিশীল কামবোৰ কৰি যাঁওতেই কেতিয়াও বিচাৰ নকৰে কি পালে ।

তেওঁৰ কবিতাবোৰ  বৰ অৰ্থবহ। যেনে- "মই গীত গাঁও/মই শিল পি খাঁও/ দুই চাৰি হাত চাপৰি বাহ: বাহ: পাঁও/ পেট উদং থাকিলেহে/ মাত সবল হয়, সুৰৰ নিজৰা বয়"। শিল্পীৰ অৱস্থাৰ কথা তেওঁ এনেদৰে কৈ গৈছে। আজীৱন দৰিদ্ৰ হৈ থাকিও কোনোদিনে আক্ষেপ নথকাকৈ তেওঁ গুচি গ'ল সমাজৰ কাম কৰি কৰিয়েই।

এই গৰাকী শিল্পীৰ নাম হয়তো আপুনি শুনা নাই।তেওঁ আছিল বিষ্ণু ৰাভাৰ সহযোগী। ৰাভাৰ সান্নিধ্যৰে জীৱনক  এনবোৰ কামেৰে জড়িত কৰা শিল্পী গোবিন্দ চৌধুৰী। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ কথা। বিষ্ণু ৰাভাক তেওঁ সেই সময়তে লগ পাইছিল।

দিলীপ গোস্বামীয়ে তেওঁৰ এটা সাক্ষাৎকাৰ লৈছিল।সেই সাক্ষাতকাৰতে তেওঁ কৈছিল কেনেকৈ বিষ্ণুৰাভাৰ সান্নিধ্যলৈ আহিছিল- ''তেতিয়া ১৯৫২ চনৰ প্ৰথম নিৰ্বাচনৰ উখল-মাখল। তেজপুৰলৈ চিপিআই পলিটব্যুৰৰ সদস্য অজয় ঘোষ আহিব বাবে চি পি আই কৰ্মী সকলৰ মাত এক প্ৰাণ চাঞ্চল্য বিৰাজ কৰিছে। তেজপুৰৰ ঐতিহাসিক জোনাকী ছবিগৃহৰ সন্মুখত জীৱন কলিতাৰ পিপ'লছ বুক হাউছ –য'ত মাৰ্ক্সীয় কিতাপ-পত্ৰ পোৱা যায়, তাৰ পূৱফালে চি পি আই বিধানসভাৰ সদস্যৰ প্ৰাৰ্থী আছিল ৰমেশ শৰ্মা। ৰমেন শৰ্মাৰ নিৰ্বাচনৰ বেনাৰ পোষ্টাৰ আদি আকিব ল'লো আৰু সেই সূত্ৰেই অসমৰ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য পালো।''

 এনেকৈয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি পৰৱৰ্তী সময়ত বিষ্ণু ৰাভাৰ সৈতে ছাঁৰ দৰে আছিল তেওঁ। ৰাভাৰ নিৰ্দেশতে গান গাইছিল ,বজাইছিল, নাছিছিল। গোবিন্দ চৌধুৰী বাসগৃহতেই ৰাভা থাকিছিল।তেওঁৰ সাংস্কৃতিক মনৰ উমান পাই ভাৰতীয় গননাট্য সংঘৰ দায়িত্ব দিছিল।

সূৰ্য বৰাৰ সোঁৱৰণী নাট্য প্ৰতিযোগীতাৰ পৃষ্ঠপোষক আছিল চৌধুৰী, বিচাৰক হৈছিল বিষ্ণু ৰাভা, ফণী শৰ্মা আদি। গননাট্য সংঘৰ কামত ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গৈছিল।লগৰবোৰে তেওঁক মাতিছিল পুতুল বুলি। জীৱিকাৰ তাড়নাত বিশ্বনাথ চাৰিআলি, নলবাৰী আদি ঠাই ঘূৰি ঘূৰি গুৱাহাটী নাৰেংগী সমীপৰ এটা পাহাৰীয়া টিলাত চালিঘৰ এটা সাজি পৰিয়ালৰ সৈতে বাস কৰিছিল।

মঠঘৰীয়াৰ তিনি আলিতেই সৰু এখন দোকান আৰম্ভ কৰিছিল।নাম দিছিল ৰূপকাৰ।তাতেই চাইন বোৰ্ড, বেনাৰ আদি বনোৱাৰ কাম কৰিছিল। ১৯৭০ চনত তৰা চৌধুৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল যদিও মানুহজনে এইবোৰ কাম এৰিব নোৱাৰিলে।

জীৱন সংগ্ৰাম চলি থাকিল। মানুহজনেও কামবোৰ কৰি থাকিল। নিজৰ চিন্তাতকৈ সমাজৰ চিন্তা বেছি। ছবি অঁকাত মানুহজনৰ বিৰাট নিচা।কাৰমাইল স্কুলত পঢ়োতেই ছবি আঁকিছিল। বান ৰংগমঞ্চত তুলসী দাসৰ তত্বাৱধানত নাটকৰ অভিনয় কৰিছিল। প্ৰফুল্ল ভৌমিক আৰু কিশোৰী মোহন চক্ৰৱৰ্তীৰ অধীনত চেতাৰ বজাইছিল।

বিষ্ণুৰাভাৰ সান্নিধ্যত নৃত্য, গীত, অভিনয় শিকা এই শিল্পী গৰাকীয়ে ধাৰাবাহিকভাৱে কাকতত প্ৰৱন্ধও লিখিছিল। এখন কবিতাৰ সংকলন,গীতৰ সংকলন, সংগীতৰ অভিধান সদৃশ গ্ৰন্থ, ৰাগ পৰিচয়, অসংখ্য নাটক প্ৰৱন্ধ তেওঁ লিখিছিল।

সুৰদেৱী থিয়েটাৰত ১৯৭১ চনতেই ত্ৰি-মাত্ৰিক(থ্ৰী ডাইমেনচন) পদ্ধতি মঞ্চত প্ৰথম প্ৰয়োগ কৰিছিল। থিয়েটাৰ, নৃত্য, নৃত্য নাটিকা, গীত, নাট আদি পৰিচালনা কৰিছিল।

শোনিত কোৱৰ, গজেন বৰুৱাৰ সৈতেও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰিছিল তেওঁ।  তেওঁ ছাত্ৰ-ছাত্ৰী সকলকো নিজৰ প্ৰতিভাৰে গীত, মাত, নৃত্য শিকাইছিল। তাৰ ভিতৰত অম্বৰীশ বৈশ্য, কুইন বৈশ্য, মৰমী মেধী, জয়প্ৰকাশ মেধী, মেঘালী মহন্ত, জয়হৰি দাস আদি আছিল তেওঁৰ শিষ্য।

পত্নী তৰা চৌধুৰীৰ ভাষাত গোবিন্দ চৌধুৰী সঁচা আৰ্থত সৰ্বগুণৰ অধিকাৰী তথা প্ৰকৃত শিল্পী আছিল। তেখেত একেধাৰে বাদ্যযন্ত্ৰী, গীতিকাৰ,সুৰকাৰ , মঞ্চসজ্জা, কলা নিৰ্দেশক, গায়ক, নৃত্যশিল্পী সকলো আছিল।

গোবিন্দ চৌধুৰীৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন আজিও হোৱা নাই। মানুহৰ আঁৰত থকাৰ বাবেই এই প্ৰকৃত শিল্পী গৰাকী আঁৰতেই ৰৈ গ'ল। আনকি তেওঁক শিল্পী পেঞ্চন দিবৰ বাবেও চৰকাৰী ঘৰলৈ বহু দৌৰা দৌৰি কৰিব লগা হৈছিল।যুঁজ-বাগৰৰ অন্তত মৃত্যুৰ পাছত তেওঁ শিল্পী পেঞ্চন পাইছিল।

সিদিনা নিশা টোপনিতে মই/ হঠাতে মহাৰাজ পুৰু হৈ পৰিলো/ সন্মুখত মোৰ আলেকজেণ্ডাৰ/ বীৰদৰ্পে আছে গৰ্জি/ সিংহাসন এৰি দিবলৈ/  দিছে মোক আৰ্জি/  মোৰ গাত বন কৰা চোলা/সোণ-ৰূপে চৰোৱা/ নিজ দেশৰ শিল্পীৰ সৃষ্টি/ নহয় কাৰো ধাৰুৱা। এয়া তেওঁৰ কবিতাৰ ভাষা।

স্বীকৃতি তেওঁ নাপালে বা নিবিচাৰিলেও। দৰিদ্ৰ পৰিয়ালটোৰ বাবে কিবা এটা কৰাৰ প্ৰয়োজন বা অৱকাশ ৰজা ঘৰৰ আছিল। এনেকৈয়ে বহু শিল্পীয়ে নীৰৱে সাধনা কৰি নীৰৱে গুচি যায়। দাবী উঠিছে এই গৰাকী শিল্পীক মৰণোত্তৰভাৱে হ'লেও বিষ্ণু ৰাভাৰ বঁটা দিব লাগে। এসময়ত ইয়াক লৈ কাকতে পত্ৰই চৰ্চা হৈছিল। কিন্তু সেই চৰ্চালৈ কৰ্ণপাত নকৰিলে ৰজাঘৰে।

এতিয়া এই দায়িত্ব প্ৰতিজন অসমীয়াৰ। এনে নীৰৱ সাধক সকলক ৰজাঘৰে যাতে সঠিক মূল্যায়ন কৰাত কৃপনালী নকৰে তাৰ বাবে আমাৰো দায়িত্ব আছে। হাতত গীতাৰ খন ল'লেই বহু গায়ক শিল্পী হৈ যায়। শিল্পী সুলভ এক পৰিচয়েৰে তেওঁলোকৰ সৃষ্টিক মূল্যায়ন কৰা হয় কিয়নো তেওঁলোকৰ গুণমুদ্ধ থাকে। কিন্তু গোবিন্দ চৌধুৰীৰ দৰে সঁচা শিল্পী সকলে প্ৰতিষ্ঠা দৌৰত নমা নাছিল। এক সুস্থ বাতাবৰণেৰে, সাংস্কৃতিক বিপ্লবেৰে মানুহৰ জয়গান গাই সুস্থ সমাজৰ বুনিয়াদ গঢ়িছিল তেওঁলোকে।

এনে বহু আজন্ম শিল্পীয়ে আদৰ-সন্মান একো নাপায়। সেই সন্মান আমিয়েই চোন দিব পাৰো। গোবিন্দ চৌধুৰী কৰ্মৰাজিৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ দায়িত্ব আমাৰ। তেনে মূল্যায়নে আমাৰ সাংস্কৃতিক শিপা ডাল কিমান মজবুত তাৰ অনুধাৱন কৰিবলৈ অৱকাশ দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in