ভাৰতীয় মূলৰ দুই সাংবাদিকলৈ পুলিৎজাৰ বঁটা…

ভাৰতীয় মূলৰ দুই সাংবাদিকলৈ পুলিৎজাৰ বঁটা…

দুই ভাৰতীয় মূলৰ সাংবাদিকলৈ পুলিৎজাৰ বঁটা…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক মেঘা ৰাজাগোপালন আৰু নীল বেদীয়ে। উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্বাৱনী মূলক অনুসন্ধানমূলক এক প্ৰতিবেদনৰ বাবে মেঘা ৰাজাগোপালনে লাভ কৰিছে এই বিশেষ সন্মান।

এই অনুসন্ধানমূলক প্ৰতিবেদনত তেওঁ মুছলমান উইগুৰ আৰু অনান্য সংখ্যালঘু জাতিৰ লোকসকলৰ বাবে চীনে নিৰ্মাণ কৰা গণ ডিটেনচন কেম্পৰ ওপৰত আলোকপাত কৰিছিল।পুলিৎজাৰ ব'ৰ্ডে শুক্ৰবাৰে ইণ্টাৰনেট মিডিয়া বাজফিড নিউজৰ দুজন সহযোগীৰ সৈতে আন্তৰ্জাতিক প্ৰতিবেদন শ্ৰেণীত মেঘা ৰাজাগোপালনলৈ এই বঁটা আগবঢ়াইছে।

আনহাতে আন এগৰাকী ভাৰতীয় মূলৰ সাংবাদিক নীল বেদীয়েও টাম্পা টাম্পা বে টাইমছৰ এজন সম্পাদকৰ সৈতে লিখা অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে স্থানীয় প্ৰতিবেদন শ্ৰেণীত পুলিতজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য, নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অৱ জাৰ্নেলিজিমৰ এক ব'ৰ্ডৰ দ্বাৰা সাংবাদিকতাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা সাংবাদিকসকলক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in