মুখত চূণ সানি,চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম ৰাইজৰ, কৰিছিল জঘন্য কাণ্ড…

মুখত চূণ সানি,চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম ৰাইজৰ, কৰিছিল জঘন্য কাণ্ড…

ডিজিটেল সংবাদ, বিশ্বনাথ: বিশ্বনাথৰ কাঠনিবাৰিত সংঘটিত হয় এক জঘন্য ঘটনা।মহিম শৰ্মা নামৰ ৬০ বছৰৰ উৰ্ধৰ এজন লম্পটে নিজ ঘৰৰ সমীপৰে ৭ বছৰীয়া কন্যা শিশুক ফুচুলাই বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে যোৱা শুকুৰবাৰে ৭ বছৰীয়া কণমানি জনী লম্পট মহিম শৰ্মাৰ ঘৰৰ সমীপতে বন্ধুৰ সৈতে খেলি থকা অৱস্থাত লম্পট শৰ্মাই কনমানি জনীক ফুচুলাই অপ কৰ্ম সংঘটিত কৰে।

তাৰ পিছত পুনৰ শনিবাৰেও একেদৰে লম্পটজনে কনমানি জনীক মাতে।কিন্তু কণমানি জনীয়ে লম্পটটোৰ কাষত নগৈ নিজ মাতৃক ইয়াৰ পূৰ্বে হোৱা সমস্ত ঘটনাৰ সন্দৰ্ভত জনায়।তেতিয়াহে লম্পট মুহিম শৰ্মাৰ এই অপকৰ্ম কথা পোহৰলৈ আহে।যাৰ ভিত্তিত দেওবাৰে পুৱা ৭ বছৰীয়া কনমানি গৰাকীৰ পিতৃ মাতৃয়ে গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজক এই বিষয়ে অবগত কৰে।

তাৰ পিছতে সমগ্ৰ গাওঁবাসী গৰজি উঠিল লম্পট মহিম শৰ্মাৰ বিৰুদ্ধে।লগে লগে গাওঁবাসীয়ে লম্পট মহিম শৰ্মাৰ মুখত চুন সানি ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই গাওঁখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোয়ে টিং বজাই গাওঁখনত ঘোৰাই। ঘটনা সন্দৰ্ভত জানিব পাৰি জিনজিয়া আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি লৈ আহে।

এইফালে ভুক্তভোগী পৰিয়ালে জিনজিয়া অৰক্ষী থানাত এই সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।আনহাতে লম্পট মুহিম শৰ্মাই পূৰ্বতেও গাওঁত এনে ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।সেইহে গাওঁবাসী আৰু ভুক্তভোগীৰ পিতৃ মাতৃৰ দাবী যে লম্পট মুহিম শৰ্মাক আৰক্ষীয়ে ফাচি দিয়ক অথবা এনকাউন্টাৰ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in