প্ৰতিকুল বতৰকো নেওচি অ’এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ নাজিৰা....

 প্ৰতিকুল বতৰকো নেওচি গেছ নিৰ্বাপন কৰিব নোৱাৰা অ’এনজিচিৰ বিৰুদ্ধে আজি নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বীৰ লাচিত সেনা অসমে ৷ 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ,নাজিৰাঃ শিৱসাগৰৰ ভটীয়াপাৰ বাৰী চুকৰ অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ বৰ্তমানেও শংকিত স্থানীয় ৰাইজ। সেয়ে আজি প্ৰতিকুল বতৰকো নেওচি অ’এনজিচিৰ বিৰুদ্ধে নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা অসমে। প্ৰতিবাদকাৰীয়ে সমগ্ৰ অঞ্চলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

Advertisment

উল্লেখ্য যে, ভটীয়াপাৰৰ বাৰীচুকত অ’এনজিচিৰ ভয়ংকৰ গেছ নিৰ্গমনে শংকিত কৰি তুলিছে সাধাৰণ জনতাক, আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আহিছে যদিও বৰ্তমানেও নিৰ্গত হৈ আছে বিষাক্ত গেছ ।অ’এনজিচিৰ এই ভয়ংকৰ গেছ নিৰ্গমনক লৈ ভটীয়াপাৰৰ বাৰী চুকত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে ৰাইজ।

ফলস্বৰূপে অ’এনজিচিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা,দল-সংগঠন ৷ এচ কে পেট্ৰো চাৰ্ভিচ প্ৰেইভেট লিমিটেডৰ মালিকাধীন শ্ৰী কৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবীত বৃহৎ এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে ৷

প্ৰতিবাদকাৰীয়ে শ্ৰী কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৷ লগতে নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ৷

অ' এন জি চি