বৈষম্যমূলক আখ্যাৰে নীতি আয়োগৰ বৈঠক বৰ্জন তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ….

বৈষম্যমূলক আখ্যাৰে নীতি আয়োগৰ বৈঠক বৰ্জন তেলেংগনাৰ  মুখ্যমন্ত্ৰীৰ….

ডিজিটেল ডেস্কঃ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে নীতি আয়োগৰ সপ্তম পৰিষদীয় বৈঠক। কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰ শাসিত প্ৰদেশ সমূহৰ ৰাজ্যপাল উপস্থিত অছে এই বৈঠকত। অসমৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে এই বৈঠকত। তথ্য অনুসৰি এই বৈঠকত কৃষি, শিক্ষা আৰু অৰ্থনীতিক ব্যৱস্থাৰ ওপৰত আলোচনা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইফালে এই বৈঠক বৰ্জন কৰিছে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাৱে। শনিবাৰে কেন্দ্ৰ চৰকাৰৰ মনোভাৱক বৈষম্য মূলক আখ্যাৰে  এই বৈঠক বৰ্জন কৰাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁৰ অভিযোগ নীতি আয়োগে 'মিছন কাকতিয়া'ক ৫,০০০ কোটি টকা আৰু 'মিছন ভাগীৰথ'ক ১৯,২০৫ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য দিয়াৰ পৰামৰ্শ দিছিল, কিন্তু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰে এই পৰামৰ্শ উপেক্ষা কৰি আঁচনিসমূহৰ বাবে কোনো পুঁজি মুকলি কৰা নাছিল। আনহাতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰথমবাৰলৈ ভাগ লোৱা এই বৈঠকত শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য কে ধৰি কেইবাটাও বিষয় উত্থাপন কৰাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে তিনি বছৰৰ ব্যৱধানত আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিছে পঞ্জাৱৰ প্ৰতিনিধিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in