অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বাসগৃহত ‘হুঁচৰি’

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বাসগৃহত ‘হুঁচৰি’

ডিজিটেল সংবাদ, ইটানগৰ : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ অসমৰ বিহুৰ প্ৰতি আছে অপাৰ আগ্ৰহ। মুখ্যমন্ত্ৰী খান্দুৱে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই এটা মিউজিক বেন্দ আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁ বিভিন্ন ৰাজহুৱা সভাত গীত পৰিবেশন কৰি আহিছে। সংগীত আৰু সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ আগ্ৰহৰ কৰা সৰ্বজন বিদিত।

কিন্তু ৪৩ বছৰীয়া এই যুৱ মুখ্যমন্ত্ৰীজনে বিহু গাৱ বা নাচিবলৈ সুযোগ পোৱা নাছিল। অৱশেষত তেওঁ সেই সুযোগ পালে নিজৰ মুখ্যমন্ত্ৰী বাসভৱনতে। অৰুণাচল প্ৰদেশৰ নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ বিহু সমিতিক ব'হাগৰ বিহুৰ বতৰতে তেওঁ বাসভৱনলৈ বিহু প্ৰদৰ্শনৰ বাবে আমন্ত্ৰন জনাইছিল আৰু কালি সন্ধিয়া মুখ্যমন্ত্ৰী খান্দুৱে কৃষ্টি কেন্দ্ৰৰ অসমীয়া লোকসকলে পৰিবেশন কৰা বিহুৰ আনন্দ লয়।

এটা সময়ত মুখ্যমন্ত্ৰী বহি থকা আসনৰ পৰা উঠি আহি বিহুৱা নাচনীৰ মাজত সোমাই বিহু নাচে। আনকি এজন ঢুলিয়াৰ পৰা মোৰ এটা লৈ বজাবলৈও চেষ্টা কৰে আৰু বহুসময়ত ধৰি কান্ধত ঢোললৈ বিহুৰ তালে তালে ঢোল বজালে। ডি ৱাই ৩৬৫ ৰ ইটানগৰৰ জ্যেষ্ঠ সাংবাদিক মুকুল পাঠকে মুখ্যমন্ত্ৰী খান্দুক বিহু নৃত্য আৰু ঢোল বাদনত মুখ্যমন্ত্ৰী খান্দুক সহায় কৰে।

প্ৰায় এঘন্টা ধৰি ঢোল-পেঁপা-বাঁহি আৰু বিহু গীতেৰে কালি সন্ধিয়াটো মুখ্যমন্ত্ৰীৰ ইটানগৰৰ বাসভৱনটো ৰজনজনাই থাকে। বিহু উপলক্ষে নাহৰলগুন কৃষ্টি কেন্দ্ৰ ৰঙালী বিহু উদযাপন সমিতিয়ে মুখ্যমন্ত্ৰী পেমা খান্দুক বিহুৱান যচাৰ লগতে অসমীয়া তিলপিঠা, তেলপিঠা, নাৰিকলৰ লাড়ু প্ৰদান কৰে। কৃষ্টি কেন্দ্ৰ ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক ভূৱন বৰগোহাঁয়ে মুখ্যমন্ত্ৰী খান্দুক এটি পেঁপা আৰু গগণা উপহাৰ দিয়ে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত কালি বিহু প্ৰদৰ্শন কৰা হয়। অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া লোক সকলক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰী পেমা খান্দুৱে কয় যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ বাসভৱনত প্ৰত্যেক বছৰে বিহু প্ৰদৰ্শন কৰা হ'ব আৰু ভবিষ্যতে তেওঁ মুখ্যমন্ত্ৰী হৈ নাথিকিলেও মুখ্যমন্ত্ৰীৰ বাসভৱনত বিহু প্ৰদৰ্শনৰ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত আয়োজন হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী খান্দুৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সাতাম-পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰিডাল এনেধৰণৰ সাংস্কৃতিক বিধিময়েৰে কটকটীয়া কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in