ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বহু কোটি টকাৰ সম্পত্তি…

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বহু কোটি টকাৰ সম্পত্তি…

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়া জিলাৰ ইংকিয়ঙত ইংকিয়ঙ চুপাৰ মাৰ্কেট এৰিয়াত ২১ এপ্ৰিলত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বহুত ক্ষয়-ক্ষতি হয় ।

চুপাৰ মাৰ্কেট এৰিয়াৰ বৃহত্তৰ এক অংশৰ সৈতে ৩০ খনকৈ দোকান এই অগ্নিকাণ্ডত জাহ যায় । প্ৰায় ৪ কোটি টকাৰ সা-সম্পত্তি এই অগ্নিকাণ্ডত নষ্ট হৈ যায় । প্ৰত্যক্ষদৰ্শীৰ মতে আবেলিতেই এই জুইৰ সূত্ৰপাত ঘটে।

একাংশই কয় যে দুই-তিনিখন দোকানত জুই লাগোতেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত খবৰ দিয়া হ'লে জুই নুমুৱাব পৰা গ'লহেতেঁন । কিন্তু জুইয়ে গোটেই বোৰ সামৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েও কথমপিহে জুই নুমুৱাবলৈ সক্ষম হৈছিল ।

এই ঘটনাত বৰ্তমানলৈকে কোনো লোকৰ হতাহত হোৱাৰ খবৰ পোৱা নাই । অগ্নিকাণ্ডৰ উৎসৰ অনুসন্ধান প্ৰশাসনে অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in