স্থানীয় ৰাইজে অৰুণাচল প্ৰদেশ আৰক্ষীৰ হাতত গতাই দিয়ে বনকৰ্মীৰ দলটোক

বৃহস্পতিবাৰে বিয়লি পূব শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক কাৰ্যালায়ৰ পৰা বিহালী অভয়াৰণ্য পৰিভ্ৰণন কৰিবলৈ যোৱা বনকৰ্মীৰ এটা দলক আবদ্ধ কৰি ৰাখে একাংশ অৰুণাচলী লোকে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-24 at 10.55.33 PM

ডিজিটেল সংবাদ, বিহালীঃ বৃহস্পতিবাৰে বিয়লি পূব শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক কাৰ্যালায়ৰ পৰা বিহালী অভয়াৰণ্য পৰিভ্ৰণন কৰিবলৈ যোৱা বনকৰ্মীৰ এটা দলক আবদ্ধ কৰি ৰাখে একাংশ অৰুণাচলী লোকে। ১২ জনীয়া বনকৰ্মী দলটোক অৰুণাচলীয়ে আৱদ্ধ কৰি ৰখাৰ বাবে অঞ্চলটোত সৃষ্টি হয়  উতপ্ত পৰিস্থিতি।

Advertisment

ইয়াৰ পাছতে ৰাইজে বনকৰ্মীৰ দলটোক অৰুণাচল প্ৰদেশ আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে৷ আনহাতে, অসমৰ বনকৰ্মীক অৰুণাচলীয়ে জব্দ কৰি অৰুণাচল প্ৰদেশ আৰক্ষীক গতোৱাৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথ জিলা আৰক্ষী এটা বৃহৎ দল ৷ জানিব পৰা মতে, বিশ্বনাথ জিলা আৰক্ষী দলটোক নেতৃত্বত দিয়ে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে৷

উল্লেখ্য যে, আজিৰ পৰা কিছুদিন পূৰ্বে পূব শোণিতপুৰ বন সংমণ্ডলৰ বিহালীস্থিত বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অৰুণাচলীৰ এখন জেচিবি জব্দ কৰিছিল ৷ জব্দকৃত জেচিবিখন মুকলি কৰি দিয়াৰ দাবী কৰিছিল অৰুণাচলীয়ে৷

অসম-অৰুণাচল সীমান্ত বিহালী