/asomiyapratidin/media/media_files/2026/02/02/1-2026-02-02-21-15-16.jpg)
ডিজিটেল সংবাদ, মুছলপুৰঃ বাক্সাৰ মুছলপুৰ খণ্ডআৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহৰ অধীনত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় সমূহৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিশু বিজ্ঞান সমাৰোহ সম্পন্ন হয়। সমাৰোহত প্ৰকল্পৰ মূল বিষয়- জলবায়ু পৰিৱৰ্তনৰ বোধগম্যতা আৰু জলবায়ুৰ ক্ৰিয়াৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰকল্প উপস্থাপনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-20-2026-02-02-21-15-33.jpeg)
কাৰ্যসূচী অনুসৰি, আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিৰুপমা হালৈ আৰু প্ৰতিযোগিতা অনুষ্ঠান উদ্বোধন কৰে বিজ্ঞান অনুসন্ধান বাক্সা জিলাৰ সমন্বয়ক নবাৰুণ বড়োৱে। লগতে প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত কৰা মুকলি সভাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে সমগ্ৰ শিক্ষাৰ ডি পি অ প্ৰণৱ জ্যোতি কলিতা। ইপিনে অনুষ্ঠানত উপস্থিত থাকে কলাগুৰু বিষ্ণুৰাভা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুপুল শৰ্মা। প্ৰতিযোগিতাৰ অন্তত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মুছলপুৰ খণ্ড পৰ্যায়ৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলকো মানপত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us