মঙলবাৰে বিশিষ্ট নাট্যশিল্পী ড৹ শুক্ৰাচাৰ্য ৰাভাৰ তৃতীয় মৃত্যু বাৰ্ষিকি

মঙলবাৰে বিশিষ্ট নাট্যশিল্পী ড৹ শুক্ৰাচাৰ্য ৰাভাৰ তৃতীয় মৃত্যু বাৰ্ষিকি

মঙলবাৰে বিশিষ্ট নাট্যশিল্পী ড৹ শুক্ৰাচাৰ্য ৰাভাৰ তৃতীয় মৃত্যু বাৰ্ষিকি

ডিজিটেল সংবাদ;বকো: গোৱালপাৰা জিলাৰ আগিয়াৰ ভিতৰুৱা ৰামপুৰগাঁৱৰ প্ৰয়াত পিতৃ নীলকান্ত ৰাভা আৰু মাতৃ পানীবালা ৰাভাৰ কণিষ্ঠ সন্তান আছিল শুক্ৰাচাৰ্য ৰাভা। নাটক বলিয়া প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ পৃথিৱী 'বাদুংদ্যুপ্পা কলাকেন্দ্ৰ' । নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই  ১৯৯৮ ইংবৰ্ষত ঘৰৰ কাষতে আৰম্ভ কৰে আবাসীক নাটশালা বাদুংদ্যুপ্পা কলাকেন্দ্ৰ । 'বাদুংদ্যুপ্পা' বাঁহেৰে প্ৰস্তুত কৰা ৰাভাসকলোৰ এবিধ লোকবাদ্য ।এইবিধ লোকবাদ্যৰ নামেৰে নামাকৰণ কৰা কেন্দ্ৰটোক আবাসিক নাটশালা হিচাপে যুৱক-যুৱতীক লগতলৈ নাটক, অভিনয় সম্পৰ্কীয় প্ৰশিক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্হা আৰম্ভ কৰে। 

এনে কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কলাকেন্দ্ৰক বিশেষমাত্ৰা প্ৰদান কৰে মণিপুৰৰ যশস্যীশিল্পী পদ্মভূষণ হেইছানাম কানহাইলালে । কলাকেন্দ্ৰটোৰ প্ৰতিজন নাট্যশিল্পীৰ বাবে হেইছানাম কানহাইলাল 'গুৰু' ।জানিবপৰা মতে বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ নাটক ভালপোৱা মানুহবোৰে প্ৰথমতে খেতিকৰিবলৈ একগোট হৈছিল । নদীৰপাৰৰ মাটিত তেওঁলোকে সংঘবদ্ধহৈ খেতি কৰিবলৈ আৰম্ভ কৰে । বিভিন্ন ঠাইত নাটক শিকাই আৰু কৰি ফুঁৰা শুক্ৰাচাৰ্য ৰাভাক তেওঁলোকেও নাটক শিকাবলৈ খাটনি ধৰে । কিন্তু এচাম মানুহৰ বাবে নাটককৰা মানুহবোৰ ভালমানুহ নহয় ।গতিকে এইখেতিত ধৰা ডেকা মানুহখিনিক শুক্ৰাচাৰ্য ৰাভাই যাতে বেয়া মানুহ নকৰে সেই কথা একাংশ মানুহে আগতে সকিয়াই থৈছিল ।

পিছে নদীৰ পানীক যিমানেই ভেটিব খোজা হয় সিমানেই সেই পানীৰ গতিবেগ বাঢ়ে।দামী মঞ্চ , ৰঙীন পোহৰত গ্লেমাৰ থকা অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা নাটককো দৰ্শকে বহুসময়ত প্ৰত্যাখ্যান কৰাৰ বিপৰীতে শুক্ৰাচাৰ্য ৰাভাই বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ সমীপৰে শালনীবাৰীত নাটক প্ৰদৰ্শনৰ উদ্দেশ্যেৰে ২০০৮ইংবৰ্ষত আৰম্ভ কৰা নাট মহোৎসৱ ' আণ্ডাৰ দ্য শাল ট্ৰি ফেষ্টিভেল'  দৰ্শক ৰাইজে ভাৱিব নোৱাৰা ধৰণে আঁকোৱালি লয়। প্ৰতিবছৰে আয়োজিত আণ্ডাৰ দ্য শাল ট্ৰি ফেষ্টিভেলত ৰাতিপুৱা আৰু বিয়লি প্ৰাকৃতিক পৰিৱেশত বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ শিল্পীসকলোৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন নাট্যদলে আহি নাট প্ৰদৰ্শন কৰে ।

সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মাটি আৰু উলুখেৰেৰে সঁজা মঞ্চত প্ৰদৰ্শন কৰা নাটবোৰত সংলাপৰ সলনি শৰীৰৰ অঙ্গ সঞ্চালনাৰে অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰিবলৈ শৈল্পীক নিপুণতা প্ৰকাশ কৰে। সাজ-পাৰৰ ক্ষেত্ৰটো শিল্পীসকলে নিজে প্ৰস্তুত কৰা থলুৱা কাপোৰ নাটকখনৰ সৈতে মিলাই পৰিধান কৰে । কোনোধৰণৰ কৃত্ৰিমতাৰ আশ্ৰয় নোলোৱাকৈয়ে পৰিৱেশিত নাটকবোৰত বিভিন্ন থলুৱা লোকবাদ্য সঙ্গত কৰা হয় । বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ প্ৰতিগৰাকীশিল্পীয়ে অভিনয় কৰিব জানে , গাব জানে , নাচিব জানে আনকি লোকবাদ্যও বজাব জানে । ব্যৱস্হা আৰম্ভকৰি প্ৰাকৃতিকভাৱে 'সপোনৰ পৃথিৱী' এখন গঢ়ি লৈছিল! নাটকৰ ক্ষেত্ৰখনত এনে ব্যতিক্ৰম আৰু বিশেষ চিন্তাৰে আগবঢ়া শুক্ৰাচাৰ্য ৰাভাৰ এই নাটকীয় যাত্ৰা পৰবৰ্তী পৰ্যায়ত বিশ্বমুখি যাত্ৰা হিচা স্বীকৃতি লাভ কৰে ।

যাৰবাবে নাট্যশিল্পীগৰাকীক সঙ্গীত নাটক অকাডেমীয়ে ২০০৯ইংবৰ্ষত ওষ্টাড বিছমিল্লাখান যুৱ বঁটা, ২০১০ ইংবৰ্ষত আছুৰ প্ৰতিমা বৰুৱাপাণ্ডে বঁটা, ২০১৬ ইংবৰ্ষত পাতলিপুত্ৰ বঁটা, ২০১৬ইংবৰ্ষত শ্বেৰ চৌধুৰী সোঁৱৰণী বঁটা,  ২০১৫ইংবৰ্ষত যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটা, ২০১২ইংবৰ্ষত মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী বঁটা , ২০১০ ইংবৰ্ষত আদিত্য বিক্ৰম বিৰালা কলা কিৰণ বঁটা অদি সন্মানেৰে সন্মানিত কৰে । মৰোনোত্তৰ ভাৱে বিশিষ্ট নাট্যশিল্পীগৰাকীক গুৱাহাটীবিশ্ববিদ্যালয়ে ডক্তৰেট উপাধি প্ৰদান সন্মানেৰে সন্মানিত কৰিছে ।বিশিষ্ট নাট্যশিল্পী গৰাকীৰ চিন্তা আৰু কাম আছিল সমগ্ৰ নাট্যক্ষেত্ৰখনৰ বাবে ব্যতিক্ৰম আৰু বিশেষ । মাথোঁ কেইটামান বছৰ জীয়াই থাকিয়ে যেনেধৰণৰ চিন্তাচৰ্চাৰে কাম কৰিছিল সেইকামৰ বাবে বিশ্ববাসীয়ে তেওঁক চিৰদিন মনত ৰাখিব  । ২০১৮ইংবৰ্ষৰ ৮ জুনত তেওঁক কালে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে কাঢ়ি নিলে। সেইদিনটো সমগ্ৰ মানৱ জাতিৰ বাবে কলাদিনহৈ থাকিব । তেওঁ জীয়াই থকা হ'লে বিশ্বৰ নাট্যক্ষেত্ৰখনে আৰু বহু ব্যতিক্ৰম আৰু বিশেষ অৱদান লাভ কৰিলেহেঁতেন তাত কাৰো সন্দেহ নাই । তেখেতে কৰা কামৰ উপযুক্ত মৰ্যদা প্ৰদানকৰি গবেষণাৰ পৰ্যায়লৈকে নিয়াৰ প্ৰয়োজন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in