৪৫ৰ উৰ্দ্ধৰ ব্যক্তিক ঘৰে ঘৰে ভেকচিন

৪৫ৰ উৰ্দ্ধৰ ব্যক্তিক ঘৰে ঘৰে ভেকচিন

৪৫ৰ উৰ্দ্ধৰ ব্যক্তিক ঘৰে ঘৰে ভেকচিন

 ডিজিটেল ডেস্ক: সমগ্ৰ ভাৰতত কোভিডত বিধস্ত হোৱা ঠাই সমূহৰ ভিতৰত দেশৰ ৰাজধানী দিল্লী অন্যতম । দিল্লীত মহামাৰী কোৰোনাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছিল। এটা দিনত মৃত্যুৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰা দেখা গৈছিল । অক্সিজেনৰ অভাৱ,হাস্পাতালৰ অভাৱ, বিচনাৰ অভাৱত,চিকিৎসকৰ অভাৱ চাৰিওফালে কেৱল অভাৱ আৰু মৃত্যুৰ কিৰিলিয়ে দেখা দিছিল। চিকিৎসালয়ৰ অভাৱত ৰাস্তাত অক্সিজেন লোৱা । শ শ কিলোমিটাৰ খোজকাঢ়ি ৰোগীৰ আত্মীয়ই হাবাথুৰি খাই ফুৰা দৃশ্য হয়তো সকলোৰে মনত আছে। কোৰোনাৰ ভয়াবহ পৰিস্তিতিৰ বাবে দিল্লীত সম্পূৰ্ণ লকডাউন দিবলৈ বাধ্য হৈছিল চৰকাৰ । বৰ্তমান সময়ত কোৰোনা পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পোৱা দেখা যায় যদিও শাম কটা নাই কোৰোনাৰ বিভিষিকা।

কোৰোনা সৃষ্ট পৰিবেশৰ বাবে দেশৰ ৰাজধানি দিল্লী স্তব্ধ হৈ পৰাত দেশৰ অৰ্থনীতিকে আদি কৰি প্ৰায়বোৰ ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা গৈছিল। যদিও এতিয়া ল'কডাউন খুলি দিয়া হৈছে তথাপিও ক্ষতি পুৰাব পৰা পৰিবেশ এতিয়াও অহা নাই । সেই সময়তে দিল্লী বাসীক সকাহ প্ৰদানৰ কৰাৰ স্বাৰ্থত এক পদক্ষেপ গ্ৰহণ কৰিছে দিল্লীৰ কেজৰিৱাল চৰকাৰে। ভাৰত চৰকাৰে কোভিডক প্ৰতিহত কৰিবলৈ এক মাত্ৰ অস্ত্ৰ হিচাপে ভেকচিনক আখ্যা দিয়া সময়ত এতিয়াও ভেকচিন লাভৰ বাবে দেশৰ হাজাৰ হাজাৰ জনতা হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে। ঘন্টা ঘন্টা ধৰি ইন্টাৰনেটত ভেকচিনৰ পালি লাভৰ বাবে অপেক্ষা কৰি নিৰাশ হোৱা দেখা গৈছে। ইন্টাৰনেট ব্যৱহাৰ কৰিব নজনা সকলৰ বাবে ভেকচিন লোৱাতো এক প্ৰকাৰৰ মুৰৰ কামুৰনি হৈ পৰিছে জীৱনৰ মায়াত বহুতে এই কষ্ট সহ্য কৰিছে যদিও বহুতে এতিয়াও লব পৰা হোৱা নাই কোভিড ভেকচিন। অতি শীঘ্ৰেই সাধাৰন ৰাইজৰ এই দূৰ্দশাৰ অন্ত পৰিব দেশৰ ৰাজধানী দিল্লীত ।

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিৰে পৰা এক নতুন আঁচনি হাতত লৈছে ।আঁচনি খনৰ নাম  ''ভোট য'ত ভেকচিন ত'ত'' এই আঁচনি অনুসৰি দিল্লীৰ যিসকল ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তিয়ে এতিয়াও ভেকচিন লাভ কৰা নাই তেওঁলোকৰ সকলোকে ৪ সপ্তাহৰ ভিতৰত ভেকচিন দি শেষ কৰা হব। এই অভিযানত প্ৰতিজন ব্যক্তিক ঘৰে ঘৰে গৈ চৰকাৰী ভাৱে সোধা পোচা কৰা হব। কেজৰিবাল চৰকাৰে দাবী কৰা অনুসৰি যিদৰে ভোট প্ৰদান কৰাতো এজন ব্যক্তিৰ অধিকাৰ সেইদৰে ভেকচিন লাভ কৰাতো এজন  ব্যক্তিৰ অধিকাৰ। সেয়ে য'ত তেওঁলোকে ভোট প্ৰদান কৰে সেই স্থানতেই তেওঁলোকক ভেকচিন প্ৰদান কৰা হ'ব । দিল্লীত ৭০ টা ৱাৰ্ডত এই অভিযান আৰম্ভ কৰা হব। কেজৰিৱালে প্ৰকাশ কৰা অনুসৰি দিল্লীত ৪৫ ৰ উৰ্দ্ধৰ ৫৭ লাখ ব্যক্তি আছে তাৰে ২৭ লাখ ব্যক্তিয়ে ইতিমধ্যে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে। যদি সকলো ঠিকে থাকে তেনেহ'লে বাকী থকা সকলক ৪ সপ্তাহত ভেকচিন প্ৰদান কৰি শেষ কৰাৰ চেষ্টা কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in