ৰাজ্যৰ স্বাস্থ্য বিভাগত চিকিৎসা সামগ্ৰী যোগানৰ নামত চলি আছে বৃহৎ কমিচনৰ অংক। শেহতীয়াকৈ ৰাজ্যত এম আৰ আই মেচিন যোগানৰ বাবে ঠিকা দিয়াৰ নামত আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডে দুৰ্নীতি আৰু অনিয়ন সংঘটিত কৰাৰ অভিযোগ তুলিছে এটা বিদেশী প্ৰতিষ্ঠানে। আমেৰিকাৰ এই প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈয়ো প্ৰেৰণ কৰিছে এই সন্দৰ্ভত এক পত্ৰ। এই কেলেংকাৰীৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
উন্নত আৰু গুণগত মানদণ্ডৰ চিকিৎসা সামগ্ৰী নালাগে ৰাজ্যৰ স্বাস্থ্য বিভাগক। কমিচনৰ অংক মিলাব পৰা প্ৰতিষ্ঠানকহে ৰঙা দলিচা পাৰি আদৰে স্বাস্থ্য বিভাগে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাততে থকা স্বাস্থ্য বিভাগৰ অনিয়মৰ এনে কাহিনী পোহৰলৈ আনিলে বিদেশী ৰাষ্ট্ৰৰ কোম্পানীয়ে।
ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলে পোহৰলৈ আনিছিল ৩ টা এম আৰ আই মেচিন ক্ৰয়ৰ নিবিদা আহ্বানৰ নামত কি ঘটিছে। নম্বৰৰ নিবিদাৰ জৰিয়তে ৩ টা এম আৰ আই মেচিন যোগানৰ বাবে স্বাস্থ্য বিভাগৰ হৈ বিজ্ঞাপন দিছিল আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডে।
এই নিবিদাত অংশ লোৱা অন্ধ্ৰ প্ৰদেশৰ মেডিটেক জন লিমিটেড আছিল টাইম মেডিকেল ছিছমেটৰ। মেক ইন ইণ্ডিয়ালৈ সঁহাৰি জনাই বিশ্বজুৰি প্ৰতিষ্ঠিত আমেৰিকাৰ এই কোম্পানীটোৱে অন্ধ্ৰপ্ৰদেশৰ মেডিটেক নামৰ ভগ্নী প্ৰতিষ্ঠানটোৰে মিলি ভাৰতত চিকিৎসা বিজ্ঞানত ব্যৱহৃত সামগ্ৰীৰ উৎপাদন আৰম্ভ কৰিছিল।
কিন্তু চিমেনছ হেলথকেয়াৰ প্ৰাইভেট লিমিটেডক এই এম আৰ আই মেচিনৰ যোগান ঠিকা দিয়াৰ স্বাৰ্থতে বিশ্ব প্ৰসিদ্ধ কোম্পানীটোক টেকনিকেল ইভালুৱেশ্বনতে অযোগ্য ঘোষণা কৰিলে আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডে।
মাত্ৰ এবছৰতে বিশ্বৰ কেইবাখনো দেশত ৩৫ টা ০.৩৫ টেছলা অপেন এম আৰ আই আৰু ৩ টা ১.৫ টেছলা এম আৰ আই মেচিন যোগান ধৰা অভিজ্ঞ প্ৰতিষ্ঠানটোক অযোগ্য কৰাৰ অদ্ভুত কাৰণ আছিল এতিয়ালৈকে হেনো ভাৰতত এই প্ৰতিষ্ঠানটোৱে এনে মেচিনো যোগাৰ ধৰাৰ অভিজ্ঞতা নাই।
আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডৰ পৰিচালন সঞ্চালককে ধৰি একাংশ উচ্চ পদস্থ বিষয়াৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আপত্তি প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ টাইম মেডিকেল চিষ্টেমে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। সেই পত্ৰতে উন্মোচিত হৈছে সা-সামগ্ৰী ক্ৰয়ৰ নামত আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডে কি কৰি আছে।
নিবিদা আহ্বান কৰা প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালকগৰাকীকো এই বিষয়ে জনাইছে টাইম মেডিকেলে। কিন্তু কোনো সুউত্তৰ দিব পৰা নাই আছাম মেডিকেল ছাৰ্ভিছ কৰ্পোৰেছন লিমিটেডে।
মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ লিখা পত্ৰত কোম্পানীটোৱে লিখিছে বিশ্বজুৰি প্ৰতিষ্ঠিত আৰু ভাৰতত মেক ইন ইণ্ডিয়াৰ জৰিয়তে এম আৰ আই মেচিন উৎপাদন কৰা কোম্পানীটোক পৰিকল্পিতভাৱে অযোগ্য ঘোষণা কৰা হৈছে। ISO 13485 থকা এই কোম্পানীটোৱে নিজাকৈ এনে মেচিন উৎপাদন কৰাৰ বাবে আনতকৈ কম মূল্যত সেইবোৰ যোগান ধৰিব পাৰিলে হয়।
২০ নৱেম্বৰ ২০২৪ ত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা টাইম মেডিকেলৰ পত্ৰখন মুখ্যমন্ত্ৰীয়ে পঢ়িলেই স্বাস্থ্য বিভাগত মেচিন যোগানৰ ঠিকাৰ নামত কি চলি আছে গম পাব। অৱশ্যে যদি এই ক্ষেত্ৰত তেওঁৰো যদি সেউজ সংকেত আছে সেয়া সুকীয়া।
কেৱল এম আৰ আই মেচিনৰ যোগানৰ ঠিকাতে নহয়, এই কৰ্পোৰেছন লিমিটেডৰ জৰিয়তে ৰাজ্যৰ চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় বোৰলৈ ক্ৰয় কৰা সা-সামগ্ৰীৰ এখন বৃহৎ কমিচন বজাৰ গঢ় লৈ উঠিছে। কেইটামান নিৰ্দিষ্ট কোম্পানীক সেই ঠিকা দিয়াৰ চেষ্টাতে থাকে বৰমূৰীয়াসকল।
ভাল আৰু গুণগত মেচিন বা সা-সামগ্ৰীতকৈ এওঁলোকে বিচাৰে মোটা অংকৰ কমিচন। এনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক নাকী লগাব নে তেওঁলোকক অনিয়ম সংঘটিত কৰি যাবলৈ দিব লেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ।