"ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভাজনবাদী মন্তব্য কৰে"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্রতিক মন্তব্যক বিৰোধীতা কৰিছে অসম চিভিল ছ' চাইটিয়ে। নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে এনেধৰণৰ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জামুগুৰিহাটত বিজেপিৰ নদুৱাৰ সমষ্টিভিত্তিক কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

"ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভাজনবাদী মন্তব্য কৰে"

ডিজিটেল সংবাদ, ধুবুৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্রতিক মন্তব্যক বিৰোধীতা কৰিছে অসম চিভিল ছ' চাইটিয়ে। নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে এনেধৰণৰ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

Advertisment

এক সংবাদমেল আয়োজন কৰি সংগঠনটোৱে সদৰি কৰে যে, "অসমত সুদীর্ঘ বছৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰি অহা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পর্কত সকলো বিতৰ্কৰ ওৰ পেলাই ইয়াক আইনী মান্যতা প্রদান কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ পথ মুকলি কৰাত মুখ্যমন্ত্ৰীগৰাকী সন্তুষ্ট নহয় বুলি তেখেতৰ সাম্প্ৰতিক বক্তব্যৰ পৰা প্ৰকাশিত হৈছে। আইনসঙ্গত ভাৱে বিদেশী প্রমাণ নকৰাকৈ নিজ ধাৰণাৰ ভিত্তিত যে বিদেশী বুলি কাকো পুশ্ব বেক কৰিব নোৱাৰি, পৰৰাষ্ট্ৰৰ লগত জড়িত বিষয়ত অসম আৰক্ষীয়ে নিজাকৈ পুশ্ব বেক কৰাৰ ক্ষমতা নাই, সেই কথা সাধাৰণ জ্ঞানেৰেও বুজিব পৰা যায়।"

সংবাদমেলত লগতে উল্লেখ কৰে, "মানৱ অধিকাৰ ৰক্ষাৰ দৰে গুৰুতৰ বিষয় এটাৰ প্ৰতিও মুখ্যমন্ত্ৰী গৰাকীৰ কোনো ভ্রূক্ষেপ নাই বাবেই তেখেতে মানৱ অধিকাৰ কৰ্মীৰ প্ৰতি মনেসজা অভিযোগ উত্থাপন কৰিব পাৰিছে। এনে বক্তব্যবোৰৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ক ভীতিগ্ৰস্ত কৰি ৰাখি নিজ ৰাজনৈতিক উদ্দেশ্য সাধনৰ প্ৰচেষ্টা চলাইছে যদিও ভাৰতৰ গণতান্ত্রিক, ধৰ্মনিৰপেক্ষ শক্তিয়ে ইয়াক সফল হ' বলৈ নিদিয়ে বুলি সংখ্যালঘু জনসাধাৰণৰ দৃঢ় বিশ্বাস আছে" বুলিও মন্তব্য কৰে সংগঠনটোৰ সদস্যসকলে।

আনহাতে, ধুবুৰীৰ হনুমান মন্দিৰৰ চৌহদত গোমাংস ৰখা কার্যক অসম চিভিল ছ' চাহটিয়ে তীব্র গৰিহণা প্ৰদান কৰিছে। দোষীক সোনকালে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। "দোষীক ধৰাৰ সলনি নিশা 'শুট এট ছাইট' ৰ নিৰ্দেশ দিলে চহৰখনত অনাহক সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰিব। চোৰাং গৰু সৰবৰাহত লিপ্ত হৈ স্বয়ং বিজেপি নেতা আৰু অমুছলমানলোক আটক হোৱা, গোহত্যাত অমুছলমানলোক লিপ্ত থকাৰ বাতৰি সংবাদ মাধ্যমত কেবাবাৰো প্ৰকাশিত হোৱাৰ তথ্য আমাৰ হাতত আছে। এনে অৱস্থাত পৰিস্থিতিক জটিলতাৰ মাজলৈ নেঠেলি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটোহে প্ৰশাসনৰ কৰ্তব্য" বুলি অসম চিভিল ছ' চাইটিয়ে মত প্রকাশ কৰে।

হিমন্ত বিশ্ব শৰ্মা