১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
এক মিনিটত ২৫ খবৰ…

১) ক্ষমা বিচাৰিলে অখিল গগৈয়ে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সম্পৰ্কত অখিল গগৈয়ে কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা নেতাসকলে অখিল গগৈক উভতি ধৰিছিল আৰু চাহ বাগিছা অঞ্চলত অখিল গগৈক নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছিল।

Advertisment

২) অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব পাৰে বৰ্ষাশ্ৰী। মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ আলফা(স্বা)লৈ নযোৱাৰ দায়িত্ব ল'লে পিতৃ মাতৃয়ে।

৩)"দ্যা বেষ্ট কলেজ অফ ইণ্ডিয়া টুডে ২০২২" ৰ ৰেংকিঙত কলা শাখাত সোণাপুৰ কলেজৰ স্থান ১৩৪। ইয়াৰোপৰি কেইবাখন কলেজে স্থান লাভ কৰিবলৈ সক্ষম হয়।

৪)কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত মঙলবাৰে এগৰাকী পাষণ্ড স্বামীয়ে পত্নীক নৃশংসভাৱে হত্যা কৰা এক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটক বাহেজ আলী।

৫)নাৰীক লৈ অশালীন মন্তব্য পংকজ পাঠকৰ। কেইবাখনো থানাত এজাহাৰ দাখিল।

৬)অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে জনতা ভৱনত মন্ত্ৰী ডা: ৰণোজ পেগুৱে উন্মোচন কৰা, অসম প্ৰৱাহ আৰু দ্যা আছামজ্যােতি কাকতৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ "ভিন্নজনৰ দৃষ্টিত ড° হিমন্ত বিশ্ব শৰ্মা" শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।

৭)সমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ এগৰাকী অন্যতম কাণ্ডাৰী মিছনেৰী পণ্ডিত মাইলছ ব্ৰনছনৰ এটি প্ৰতিমুৰ্তি বুধবাৰে নগাঁৱত উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই ৷ ন

৮) উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ টিককত আজি ভাৰতীয় খাদান মজদুৰ সংঘই খনিজ প্ৰতিষ্ঠানটোত দীৰ্ঘদিনে হৈ থকা কয়লা চুৰি কাৰ্য বন্ধ কৰা আৰু পশ্চিম টিককৰ বন্ধ হৈ থকা মুক্ত কয়লা খনিটো খোলাৰ দাবীৰে শ্ৰমিক সংগঠন টোৱে প্ৰতিবাদ ধৰ্ণা কাৰ্য্যসূচী সাব্যস্ত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

৯)অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব চলিত বৰ্ষৰ ৪৪ সংখ্যক ৰাজ্যিক পাঞ্জা চেম্পিয়নশ্বিপ। 

১০)ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হ'ল কলিয়াবৰৰ ত্ৰিশূল ভূঞা।

১১) অসম যুৱ অলিম্পিক গেমছ- ২০২২ অহা ২২ জুলাইৰ পৰা ২৭ জুলাইকে গুৱাহাটীত অনুষ্ঠিত হ'ব। মুঠ ৩২ টাকৈ ইভেণ্টত অনুষ্ঠিত হবলগীয়া অসম যুৱ অলিম্পিক গেমছত কোকৰাঝাৰ জিলাৰ পৰাও ৭ টা ইভেন্টত অংশগ্ৰহণ কৰিব।

১২)কাছাৰৰ মাছিমপুৰ বন্ধন বেংকত অঘটন। শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ।আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম সুজেন দাস।

১৩)মধ্য অসমৰ নগাঁৱত তৃনমূল কংগ্ৰেছে সাংগাঠনিক ভেটি সুদৃঢ় কৰিবলৈ কামকাজ আৰম্ভ কৰিছে ৷ ইয়াৰ অংশ হিচাপে ৰিপুন বৰাই নিজেই নগাঁৱত মঙ্গলবাৰে উপস্থিত থাকি এক যোগদানৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ 

১৪)ওৰাঙৰ ধনশ্ৰীঘাটত বি টি চিৰ সৰ্বপ্ৰথম এম চি এল এ সেৱা কেন্দ্ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে বি টি চি প্ৰধান প্ৰমোড বড়োৱে। 

১৫)হত্তৰ চৰাইবাহী, বৰভগীয়া অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ,খেলুৱৈ,সমাজ সংগঠক তথা ধৰ্ম পৰায়ণ ব্যক্তি ভদ্ৰকান্ত নাথৰ যোৱানিশা ১১:৩০ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । 

১৬)ওদালগুৰি লালপুলৰ স্বচ্ছ আৰু সেউজ শক্তি প্ৰকল্প অনুষ্ঠানৰ পৰা অসম গৌৰৱ কল্পনা বড়োৰ ঘৰত উপস্থিত হল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। কল্পনা বড়োৰ ঘৰত উপস্থিত হৈ কল্পনা বড়োৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কল্পনা বড়োৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে।

১৭)মঙলবাৰে ওদালগুৰি জিলাৰ লালপুলত ২৫ মেগাৱাট সম্পন্ন সৌৰ শক্তি প্ৰকল্প শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

১৮) অচিৰে বটদ্ৰবা আৰক্ষী থানা আক্ৰমন আৰু অগ্নিসংযোগৰ ঘটনাৰ সন্দৰ্ভত চাৰ্জশ্বিট দাখিল কৰিবৰ আৰক্ষীয়ে ৷ এই কথা ঘোষণা কৰিছে অসম আৰক্ষীৰ কেন্দ্ৰীয় মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাই ৷

১৯)সদৌ অসম যুৱ ক্ৰীড়া অলিম্পিক-২০২২ৰ  অলিম্পিক শিখা বহনকাৰীক মঙ্গলবাৰে ঢকুৱাখনাত উষ্ণ আদৰণি জনোৱা হয় । 

২০)পুনৰ এবাৰ ৰাষ্ট্ৰীয় ৰাজধানীত নিৰ্যাতনৰ সন্মুখীন হ'ল অসমৰ যুৱতী। দিল্লীত এগৰাকী অসমীয়া যুৱতীক দুষ্কৃতিকাৰীয়ে শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ এক ঘটনা পোহৰলৈ আহছি। ৰাজধানী চহৰখনৰ সাগৰপুৰত সংঘটিত হৈছে এই ঘটনা।

২১)ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰে জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী।

২২) 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ উদ্যোগত ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে বৃক্ষৰোপণ কাৰ্যসূচী। গুৱাহাটী বিশ্ববিদ্যালয়স্থিত হেমচন্দ্ৰ বৰুৱা প্ৰতিমূৰ্তি থকা উদ্যানত আজি ৰোপণ কৰা হৈছে বিভিন্ন মূল্যবান গছপুলি।

২৩)তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি চাহ বাগিচাৰ সমীপৱৰ্তী তৰাজান সংযোগী দলঙৰ তলত মঙলবাৰেে পুৱা গা-ধুবলৈ গৈ সন্ধানহীন ৰাজু প্ৰজা।লত অখিল গগৈক নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছিল।

২৪)অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত কাম কৰি ঘৰলৈ ঘূৰি অহা অৱস্থাত ১৯ জনকৈ মুছলমান সম্প্ৰদায়ৰ লোক সন্ধানহীন । কেইজনমানৰ পৰিচয় উদ্ধাৰ ।

২৫) সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ মৃত্যু। সোমবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ। 

আৰু পঢ়ক:

assam murder crime himanta biswa sarma Assam police