জাগীৰোড মহাবিদ্যালয়ত অনুৰাগীৰ হৰ্ষধ্বনি আৰু উৎসাহময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ প্ৰচাৰ

জাগীৰোড মহাবিদ্যালয়ত অনুৰাগীৰ হৰ্ষধ্বনি আৰু উৎসাহময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ প্ৰচাৰ

author-image
asomiyapratidin
New Update
জাগীৰোড মহাবিদ্যালয়ত অনুৰাগীৰ হৰ্ষধ্বনি আৰু উৎসাহময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ প্ৰচাৰ

ডিজিটেল ডেস্কঃ 'কাঞ্চনজংঘা'ৰ প্ৰমোচনৰ বাবে সোমবাৰে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। মহাবিদ্যালয়খনত জুবিন গাৰ্গ উপস্থিত হৈ কেবা সহস্ৰাধিক অনুৰাগীৰ মাজত কাঞ্চনজংঘাৰ প্ৰচাৰ চলায়।

অনুৰাগীৰ হৰ্ষধ্বনি আৰু অতি উৎসাহময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গে অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া কাঞ্চনজংঘা সকলোকে চাবলৈ আহ্বান জনায়। তুমুল হৰ্ষধ্বনি আৰু যুৱ প্ৰজন্মৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজত জুবিন গাৰ্গে জাগীৰোডত কাঞ্চনজংঘাৰ বাণিজ্যিক প্ৰচাৰ সামৰি ছবিখনৰ বচন আওৰাই।

ইফালে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কাঞ্চণজংঘা সফল হ'ব বুলি মন্তব্য কৰে। কাঞ্চনজংঘাৰ প্ৰচাৰ উদ্দেশ্যৰে সোমবাৰে জাগীৰোড মহাবিদ্যালয়লৈ জুবিন গাৰ্গৰ লগতে যায় অভিনেতা পবিত্ৰ ৰাভাৰ আৰু আন আন বহু কলা-কুশলী। ইফালে ছবিখনক লৈ আশাবাদী বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।