অহা বছৰৰ পৰা মই আৰু বিহুৰ অনুষ্ঠান নকৰোঁ- জুবিন গাৰ্গ

অহা বছৰৰ পৰা মই আৰু বিহুৰ অনুষ্ঠান নকৰোঁ- জুবিন গাৰ্গ

author-image
asomiyapratidin
New Update
অহা বছৰৰ পৰা মই আৰু বিহুৰ অনুষ্ঠান নকৰোঁ- জুবিন গাৰ্গ

ডিজিটেল ডেস্ক:

Advertisment

 চান্দা তোলা সংস্কৃতি বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয় যে ১০ বছৰ ধৰি যি সকল বিহু সমিতিয়ে বিহু অনুষ্ঠিত কৰি আহিছে তেওঁলোকক ডেৰলাখকৈ টকা দিয়া হ'ব। ১ বহাগৰ পৰা আৰম্ভ কৰি ৭ বহাগলৈ অনুষ্ঠিত কৰা কমিটি সকলকহে প্ৰদান কৰা হ'ব এই সাহায্য।

মুখ্যমন্ত্ৰী গৰাকীৰ এই কথাত সমৰ্থন কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গেও। বিহু সন্দৰ্ভত সংবাদ মাধ্যমৰ লগত হোৱা কথা বতৰাত জুবিনে কয় যে অহা বছৰৰ পৰা ৰঙালী বিহুৰ কোনো অনুষ্ঠানত তেওঁ অংশগ্ৰহণ নকৰে।

"চিষ্টেম যদি সকলোৱে সলাব বিচাৰিছে সলাই দিয়ক। কিন্তু শিল্পী সকলৰ অসুবিধা হ'ব। মই বিহুত ইমান ইন্টাৰেষ্টেড নহয়। অহা বছৰৰ পৰা আৰু বিহু অনুষ্ঠান নকৰো। অহা বছৰ মোৰ ৫০ বছৰ হ'ব গতিকে বিহু এৰি দিম আৰু একো নকও"- এই মন্তব্য জুবিন গাৰ্গৰ।

assam zubeen garg himanta biswa sarma bihu