জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

author-image
asomiyapratidin
New Update
জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ LIVE UPDATE…

(জুবিনৰ স্বাস্থ্য সন্দৰ্ভত শেহতীয়া খবৰ পাবলৈ ৰিফ্ৰেচ কৰক)

Advertisment

সন্ধিয়া ৬.৩০ বজাত: গুৱাহাটী বিমান বন্দৰত জুবিনঃ গ্ৰীণ কৰিডৰ ব্যৱস্থাৰে কৰি লৈ অনা হ'ল আয়ুৰসুন্দ্ৰালৈ…

দুপৰীয়া ১.০০ বজাত: জুবিনৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ-

দুপৰীয়া ১২.৪৫ বজাত: বকোৰ এক অনুষ্ঠানত অংশ লৈ সভাস্থলীৰ পৰাই জুবিনৰ আশু আৰোগ্যা কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনত বিশেষ বিমানেৰে গুৱাহাটী বা আন স্থানলৈ নিয়াৰ পোষকতা।

দুপৰীয়া ১২.৪০ বজাত: জোনাইত থকা জুবিনৰ সংগীতানুষ্ঠান

দুপৰীয়া ১২.১৫ বজাত– আজি গুৱাহাটীলৈ অনা হ'ব জুবিন গাৰ্গক। এয়াৰ এম্বুলেঞ্চযোগে গুৱাহাটীলৈ অনা হ'ব জুবিনক।

দুপৰীয়া ১২.০৫ বজাত: জুবিনৰ স্বাস্থ্য সন্দৰ্ভত কি ক'লে চিকিৎসক আৰু তেওঁৰ মেনেজাৰে –

১২.০০ বজাত: দেওবাৰে জোনাইত সংগীতানুষ্ঠান আছিল জুবিনৰ । যাত্ৰা পথত ৰিজৰ্টখনত জিৰণি লৈছিল জুবিনে।

পুৱা ১১.৫৯ বজাত: চিকিৎসকে জনোৱা অনুসৰি খাবলৈ ইচ্ছা কৰিছে জুবিনে, কথা বতৰা পাতি আছে শিল্পী গৰাকীয়ে।

পুৱা ১১.৫৫ বজাত: চিকিৎসকৰ মতে ডিহাইড্ৰেশ্যনত ভুগিছিল জুবিনে। মূৰত চিলাই পৰিলেও গুৰুতৰ আঘাত পোৱা নাই। কিছু সময় পাছত আহিব ব্লাড ৰিপৰ্ট।

পুৱা ১১.৫০ বজাত: জুবিনৰ চিটি স্কেন কৰা হৈছে। তেওঁৰ চিটি স্কেনত কোনো ধৰণৰ বিসংগতি নাই বুলি চিকিৎসকৰ মন্তব্য।

পুৱা ১১.৪০ বজাত– জুবিনৰ স্বাস্থ্য সন্দৰ্ভত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জনালে চিন্তাৰ কাৰণ নাই। এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু ডিব্ৰুগড় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে চিকিৎসালয়ত গৈ সকলো তদাৰক কৰি আছে। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা চলি আছে। আই চি ইউত থকা জুবিনক চেলাইন দিয়া হৈছে।

পুৱা ১১.১৮ বজাত– জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত সকলো ব্যৱস্থা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ।

পুৱা ১১.১৭বজাত– বাথৰুমত পিছল খাই পৰি আহত হোৱা জুবিনৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ। প্ৰয়োজন হ'লে এয়াৰ এম্বুলেঞ্চেৰেও জুবিনক দিল্লীলৈ নিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

পুৱা ১১.১৬ বজাত– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় উপায়ুক্ত বিশ্বজিত পেগুৰ জৰিয়তে স্বাস্থ্যৰ বুজ লয়। প্ৰয়োজনত ৰাজ্য চৰকাৰে বাহিৰলৈ নিব বুলিও কয়।

পুৱা ১১.১৫ বজাত– আই চি ইউত ভৰ্তি হোৱা জুবিনৰ মূৰত ৫ টা চিলাই কৰিব লগা হৈছে।

পুৱা ১১.১০ বজাত- সঞ্জীৱনী হস্পতালৰ কৰ্তৃপক্ষই জনালে বৰ বিশেষ চিন্তাৰ কাৰণ নাই।

পুৱা ১১ বজাত- জুবিনক ডিব্ৰুগড় সঞ্জীৱনী হস্পাতালত ভৰ্তি কৰাৰ খবৰক লৈ গুণমুদ্ধৰ উদ্বেগ।

assam himanta biswa sarma health zubeen garg