ডিজিটেল ডেস্কঃ 'এসপ্তাহত বিহু শেষ কৰিব নোৱাৰে। এইটো অসম্ভৱ কথা।'- এই মন্তব্য জুবিন গাৰ্গৰ। টঙলাত এটা গানৰ দৃশ্য় গ্ৰহণৰ বাবে উপস্থিত হোৱা জুবিন গাৰ্গে এক মুকাভিনয়ৰ অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই সকলোকে বিহুৰ প্ৰথম ৭ টা দিনতে বিহু পাতিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰথম ৭ টা দিনত বিহু পতা বিহু কমিটীসমূহক ডেৰ লাখকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে।
অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্য়াহত থকাৰ মাজতে শেহতীয়াকৈ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি অহা জুবিন গাৰ্গে এটা সপ্তাহত বিহু পতাৰ বিষয়টোৰ বিৰোধিতা কৰিছে। জুবিনে কৈছে, এটা সপ্তাহত বিহু পাতি শেষ কৰিব নোৱাৰে। এয়া অসম্ভৱ কথা। এটা সপ্তাহত বিহু পাতিবলৈ হ'লে শিল্পীসকলক হেলিকপ্তাৰ দিব লাগিব।
ইয়াৰোপৰি তেওঁ কয়, সকলো লোকে নিজৰ ঠাইত সৰুকৈ হ'লেও ডাঙৰকৈ হ'লেও এখন বিহু পাতিবলৈ ইচ্ছা কৰে। সেয়েহে সকলোৱে সময় সুবিধা মিলাই লৈহে বিহুখন পাতে। কিন্তু চৰকাৰে এসপ্তাহত বিহু পাতিবলৈ লোৱা এই সিদ্ধান্ত এক অদ্ভুচ আৰু অবান্তৰ সিদ্ধান্ত।
আনহাতে বিহুৰ চান্দাক লৈ বিতৰ্কৰ সূচনা হৈ আছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই চান্দা সংস্কৃতি বন্ধ কৰিবলৈ প্ৰয়োজন হ'লে কঠোৰ আইন প্ৰণয়ন কৰিব বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল জুবিনে। এই প্ৰসংগত তেওঁ পুনৰ কয় যে, বিহু দান-বৰঙণিৰেই অনুষ্ঠিত হয়। মই নিজেও আগতে বিহু পাতিবলৈ দান-বৰঙণি আগবঢ়াইছো।
এসপ্তাহত বিহু পতা সম্ভৱ নহয়, এয়া চৰকাৰৰ অদ্ভুত আৰু অবান্তৰ সিদ্ধান্তঃ জুবিন গাৰ্গ…