মোক এৰেষ্ট কৰিবলৈ সাহস নকৰিলে, শৃংখলক মুক্তি দিছে ভাল লাগিছে, ২০২১ত বিজেপি নালাগেঃ জুবিন গাৰ্গ, VIDEO

মোক এৰেষ্ট কৰিবলৈ সাহস নকৰিলে, শৃংখলক মুক্তি দিছে ভাল লাগিছে, ২০২১ত বিজেপি নালাগেঃ জুবিন গাৰ্গ, VIDEO

author-image
asomiyapratidin
New Update
মোক এৰেষ্ট কৰিবলৈ সাহস নকৰিলে, শৃংখলক মুক্তি দিছে ভাল লাগিছে, ২০২১ত বিজেপি নালাগেঃ জুবিন গাৰ্গ, VIDEO

ডিজিটেল সংবাদ চেঙাঃ ভাৰতৰ গদ্য সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অৰ্থাৎ ভট্টদেৱৰ পদৰেণুৰে ৰঞ্জিত ব্যাসকুছি সত্ৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ব্যাসকুছি হাইস্কুল। আৰু ব্যাসকুছি হাইস্কুলৰ সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠানত দেওবাৰে নিশা জুবিন গাৰ্গে গীত পৰিবেশন কৰি গীতৰ মাজে মাজে চৰকাৰক কঠোৰ সমালোচনা কৰি মন্তব্য কৰে৷

Advertisment

পলিটিক্স নকৰিবা বন্ধু গীতটো পৰিবেশন কৰাৰ মাজতে জুবিনে ঠিক সময়ত ঠিক গান লিখিছোঁ বুলি মন্তব্য কৰাৰ লগতে জাতি-মাটি-ভেটি শেষত (অশ্লীল) হ'লগৈ বুলিও তাচ্ছিল্য কৰে বেজেপি নেতৃত্বাধীন অসম চৰকাৰক।

২০২১চনত বিজেপি নালাগে বুলি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি নতুন দল আহিব বুলি উল্লেখ কৰে, কিন্তু নতুন দলত জুবিনে নাথাকে বুলিও মন্তব্য কৰে। জুবিনে কয়- "আকৌ আমাক কয় পলিটিক্স নকৰিবা বন্ধু৷ অ' আই! এজনে আকৌ কয়, আমাক একাষৰীয়া কিয় কৰিছে? গান গোৱা মানুহে পলিটিক্স কৰে নেকি? বন্ধু বুলি কৈছোঁ ক্ষান্ত থাকক নহ'লে পলিটিক্স বন্ধ কৰি দিম৷ জয় আই অসম।"

আকৌ জুবিনৰ মন্তব্য-" এই পাগল সোপাই আমাক পাগল কৰিব নোৱাৰে৷ দেশৰ কাৰণে মোক পাগল কৰিব নোৱাৰে৷ এই সংগ্ৰামত মই যেতিয়া সোমাইছিলোঁ মই তেতি়য়া সৰু আছিলোঁ৷ এতিয়া ডাঙৰ হৈছোঁ৷ পাগল কোন? মোডী ,শ্বাহ। সি আকৌ চাহ বেচিব আহে৷"

শৃংখল চলিহাৰ মুক্তিৰ সন্দৰ্ভত জুবিন কয় যে-" আজি শৃংখলক মুক্তি দিছে ভাল লাগিছে৷ অখিলকো মুক্তি দিলে ভাল লাগিব৷ মোকো এৰেষ্ট কৰিব বিচাৰিছিল৷ কিন্তু মোক এৰেষ্ট কৰিব নোৱাৰে৷ মই জে'লখন সলাই থৈ আহিম৷ হাঁহি হাঁহি যে কান্দোনটো আমি নেদেখুৱাও সেইটো আমাৰ চৰকাৰে বুজি নাপায়৷ বিজেপিক ভোট নিদিব৷ একদম বটলা মাল৷ নোট দেখুৱাই আৰু ৰং দেখুৱাই। আমাৰ চাহ আছে, কয়লা আছে৷ আমি নিজে খেতি কৰি খাম৷ আমাক বাংলাদেশী নালাগে।"

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম তথা উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত কৰা মন্তব্যক প্ৰশংসা কৰি জুবিনে পুনৰ কয়- আজি মেঘালয়ৰ চীফ মিনিষ্টাৰে আমাৰ বিষয়ে ইমান ভাল কথা কৈ আছে৷ আৰু আমাৰ মিনিষ্টাৰ বোৰে "আলবাল" কৈ আছে৷ এইটো কোনো গালি নহয়৷ মেঘালয়ৰ চীফ মিনিষ্টাৰক লাল চালাম। এতিয়া লাল চালামৰ দিন আহি আছে৷ আমাৰ এজনৰ মাত নাই৷ এটা গান লিখি আছো, চবকে ফালি দিম। বিহুটো আমাৰ, এনজয় কৰিব লাগে৷"

বিজেপি চৰকাৰৰ বিপক্ষে আকৌ আন্দোলন আছে বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকে পইচা দি মানুহ নিয়ে বুলিও উল্লেখ কৰে৷ জুবিনে কয়- "চিধাকে কৈছোঁ চব ল'ৰা- ছোৱালীক তহঁতে নাযাবি৷ এটা কথা জোৰকৈ কওঁ- চৰকাৰ বদলাব লাগিব৷ মই বিজেপিকো খাতিৰ নকৰোঁ, কংগ্ৰেছকো খাতিৰ নকৰোঁ, এ জি পিৰটো কামেই নাই৷ মোক সকলোৱে ঠেলি দিয়ে৷ তই যা৷ মোক ঠেলি দিয়ে পিছফালৰ পৰা৷এতিয়া কঁকাল বিষাইছে৷" দুপৰ নিশালৈকে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰে হাজাৰ হাজাৰ দৰ্শকে।