গোৱালপাৰাত জুবিন গাৰ্গ, কৰিলে বিশেষ মন্তব্য…

গোৱালপাৰাত জুবিন গাৰ্গ, কৰিলে বিশেষ মন্তব্য…

author-image
asomiyapratidin
New Update
গোৱালপাৰাত জুবিন গাৰ্গ, কৰিলে বিশেষ মন্তব্য…

ডিজিটেল সংবাদ,ছমৰীয়া:-গোৱালপাৰাৰ ধূপধৰাত ১৫ জুলাইৰ নিশা আয়োজিত আৰয়ানচ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী জুবিন গাৰ্গে উৎকট গৰম আৰু অসমৰ বানপানীক লৈ এক মন্তব্য কৰি কয় যে ইহঁতে গছ ৰুইছে,দেখি ভাল লাগিছে,বৰ গৰম। অসমত বৰ সমস্যা,বৰষুন দিলে বানপানী হয়,কিবা হয়।এইফালে ৰদ দিলেও বহুত গৰম।আমি এনেকুৱা এটা বেলেগ জেগাত আছো।

Advertisment

ইফালে ধূপধৰাৰ আৰয়ানছৰ মঞ্চত ও সকলো লোককে তেওঁৰ আহিব লগীয়া অসমীয়া চিনেমা কেইখন চাবলৈ পুনৰ আহ্বান জনাই শিপ্লীগৰাকীয়ে।আনহাতে গোৱালপাৰা জিলাৰ ধূপধৰাৰ যুৱ সাংবাদিক পংকজ মাহাতোয়ে কণ্ঠ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ আধাৰত দীঘলীয়া কবিতা লিখি হার্টথ্ৰব গৰাকীক উপহাৰ দিয়ে।

সাংস্কৃতিক ধৰাৰ বিস্ময়ী খনিকৰ জুবিন" শীৰ্ষক কবিতাটি এক হেজাৰ শাৰীৰ হোৱাৰ লগতে প্ৰায় ৬০ ফুট দৈৰ্ঘ্য।বিশ্বৰ সাহিত্য ক্ষেত্ৰখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ সমান্তৰালকৈ আন কেইবাটাও লক্ষ্য উদ্দেশ্য আগত ৰাখি যুৱ সাংবাদিক গৰাকীয়ে লিখিছে কবিতাটি।জুৱিন গাৰ্গৰ প্ৰথম শ্ৰব্য কেছেট অনামিকাৰ পৰা আৰম্ভ কৰি অসমীয়া বোলছবি মিচন চাইনা লৈ এই দীঘলীয়া জীৱন পৰিক্ৰমা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে মাহাতোয়ে।

আৰু পঢ়ক: জনতা দল(চেকুলাৰ)য়ে সমৰ্থন কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক…

assam zubeen garg