হঠাৎ অসুস্থ: নেমকেয়াৰ হাস্পতালত ভৰ্তি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক

জনপ্রিয় শিল্পী জুবিন গাৰ্গ অসুস্থ। বুধবাৰে পুৱা ষ্টুডিঅ'ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী।

author-image
Asomiya Pratidin
New Update
হঠাৎ অসুস্থ: নেমকেয়াৰ হাস্পতালত ভৰ্তি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক

ডিজিটেল ডেস্কঃ জনপ্রিয় শিল্পী জুবিন গাৰ্গ অসুস্থ। বুধবাৰে পুৱা ষ্টুডিঅ'ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী। তাৰপাছতে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক।

Advertisment

হাস্পতালখনৰ জৰুকালীন কক্ষত চিকিৎসাধীন অৱস্থাত আছে জুবিন গাৰ্গ। বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে জুবিন। এতিয়ালৈকে জুবিনৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয় তৰফৰ পৰা কোনো মন্তব্য প্ৰদান কৰা নাই।

জুবিনৰ আশু-আৰোগ্য কামনা কৰি ইতিমধ্যে বিভিন্নজনে ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰিয়ে অনুৰাগীসকলক ব্যথিত কৰি তুলিছে।

Also Read: দিছপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

zubeen garg